বিধেয়কৰ বিৰুদ্ধে মৰাণত সংগ্ৰামী সতীৰ্থৰ প্ৰতিবাদ

বিধেয়কৰ বিৰুদ্ধে মৰাণত সংগ্ৰামী সতীৰ্থৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, মৰাণঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত এইবাৰ মৰাণত প্ৰতিবাদত নামিল অসম আন্দোলনত আগভাগ লোৱা মৰাণৰ সংগ্ৰামী সতীৰ্থসকল। মৰাণ নগৰ মাজ-মজিয়াত এইসকল অসম আন্দোলনত সক্ৰিয়তাৰে আগ ভাগ লোৱা কৰ্মীসকলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত মৰাণ নগৰৰ মাজ-মজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজালৈ চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে।

অসম আন্দোলনৰ ফলশ্ৰুতিত ৰূপায়ন হোৱা অসম চুক্তি মতে বিদেশীক ৰাজ্যৰপৰা বিতাৰণ কৰিবলৈ বিজেপি চৰকাৰক দাবী জনায়। কোনো কাৰণতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় বুলি সকিয়নী প্ৰদান কৰাৰ লগতে বিধেয়কখনৰ বিৰুদ্ধে প্ৰয়োজনত জংগী কাৰ্যসূচী ৰূপায়ন কৰিব বুলিও হুংকাৰ প্ৰদান কৰে। উক্ত প্ৰতিবাদী অনুষ্ঠানত টিংখাং সমষ্টি প্ৰাক্তন বিধায়ক অনুপ ফুকনেও অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in