মাজবাটৰ বিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট…

মাজবাটৰ বিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট…

ডিজিটেল সংবাদ, ওৰাং: মাজবাট অঞ্চলৰ বিভিন্ন বিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ দাবীত মঙলবাৰে মাজবাট চহৰত ওদালগুৰি জিলা আৰু মাজবাট শাখা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনি ঘন্টীয়া অবস্থান ধৰ্মঘট অনুস্থিত হয়৷ মাজবাট অঞ্চলৰ বিভিন্ন বিদ্যালয়ত শিক্ষকৰ অভাৱৰ বাবে ছাত্ৰ- ছাত্ৰীৰ শৈক্ষিক দূৰৱস্থা হৈ আহিছে । মাজবাট অঞ্চলৰ বহু কেইখন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ তুলনাত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা একেবাৰে কম।

ইয়াৰে বহু শিক্ষক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত জড়িত। যাৰ ফলত তেওঁলোকে বিদ্যালয়ৰ পাঠদান কাৰ্যৰ পৰা বিৰত থাকিবলগীয়া হৈছে। ইয়াৰে বহু কেইখন বিদ্যালয়ত খালী হৈ আছে শিক্ষকৰ পদ । খালী হৈ থকা শিক্ষকৰ পদবোৰত নতুন শিক্ষক নিযুক্তি নিদিয়াৰ ফলত মাজবাট অঞ্চলত শৈক্ষিক দিশ একেবাৰে নিম্নমানৰ হোৱা পৰিলক্ষিত হৈছে ।

সেয়ে মঙলবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি আৰু মাজবাট শাখা সমিতিয়ে খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ বাবে তিনি ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। মাজবাট অঞ্চলৰ বিদ্যালয় সমূহত খালী হৈ থকা বিজ্ঞান, গণিত, কলা শাখা, অসমীয়া, ইতিহাস, অৰ্থনীতি, ইংৰাজী বিষয়ত শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তি প্ৰদান কৰা । টেট শিক্ষক সকলক স্থায়ী ভাৱে নিযুক্তি দিয়া ।

মাজবাট অঞ্চলৰ প্ৰাথমিক, মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয় আদিৰ প্ৰাদেশিকৰণ হোৱা নাই সেইসমূহ বিদ্যালয় অতি শীঘ্ৰে প্ৰাদেশিকৰণ কৰাৰ দাবীৰে মুখ্য মন্ত্ৰী , বিটিচিৰ সচিব, বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য, ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক, ৩৯ নং বিটিচিৰ কাৰ্যবাহী সদস্য লৈ মুঠ পাঁচটা দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে। মাজবাট অঞ্চলৰ বিভিন্ন বিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ পদ শীঘ্ৰেই পূৰণ নকৰিলে পুনৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আটছাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in