যোৰহাটৰ ৫খন মহাবিদ্যালয় আছু গোটে ফাচীঁত ওলমালে সাংসদ তাছাৰ প্ৰতিমূৰ্তি

যোৰহাটৰ ৫খন মহাবিদ্যালয় আছু গোটে ফাচীঁত ওলমালে সাংসদ তাছাৰ প্ৰতিমূৰ্তি

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক এলেকাৰ অন্তৰ্গত জগন্নাথ বৰুৱা মহাবিদ্যালয় আছু গোট, দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় আছু গোট, যোৰহাট মহাবিদ্যালয় আছু গোট, চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় আছু গোট, চিনামৰা মহাবিদ্যালয় আছু গোটে পৃথকে পৃথকে ৰাজহুৱা স্থানত যুটীয়া সংসদীয় সমিতিৰ সদস্য তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিকৃতি ফাঁচী দিয়ে। প্ৰতিবাদস্থলীত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি অপূৰ্ব দাসে কয়- জে পি চিৰ সদস্য তাছাই অসমীয়া জাতিটোক চূড়ান্ত ভাৱে প্ৰতাৰণা কৰিলে।

ডি চি বি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি নিলাক্ষী পায়েঙ কয় যে, অসমৰ সভ্যতা, সংস্কৃতিকে ধৰি অসমীয়া ভাষা আৰু খিলঞ্জীয়াৰ অস্তিত্বক সংকটৰ গৰাহলৈ ঠেলি দিয়া জাতিদ্ৰোহী বিলখনৰ সপক্ষে তাছা ডাঙৰীয়াই মতদান কৰি অক্ষমনীয় অপৰাধ কৰিলে। যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি বিক্ৰম বৰাই কয় যে- মহাবিদ্যালয়খনত নবাগত আদৰণি, মহাবিদ্যালয় সপ্তাহকে ধৰি সকলো অনুষ্ঠানত জাতিদ্ৰোহী সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰৱেশ অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ কৰা হৈছে।

চি কে বি বাণিজ্য মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আয়ুষ্মান দত্তই কয়, সততে নীতি আৰু মূল্যবোধৰ কথা কৈ ডিঙিৰ শিৰ ফুলাই সভাই সমিতিয়ে ভাষণ দিয়া তাছা ডাঙৰীয়াই অবৈধ বিদেশীৰ হাতত জাতিটোক বিক্ৰী কৰি চৰম বিশ্বাসঘাটকতা কৰিলে। চিনামৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মৃগাংক বৰাই কয়, অসমীয়া জাতিক প্ৰতাৰণা কৰা প্ৰতাৰক সাংসদ তাছাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক। ইয়াৰ লগতে আজি উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী সকলে জাতিধ্বংসী বিল বাতিলৰ দাবীত বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে৷

শিক্ষানুষ্ঠানৰ পৰা গড়আলিৰ কেবি ৰোড তিনি আলি লৈকে উলিওৱা প্ৰতিবাদী সমদলটোৱে সৰ্বানন্দ নিপাত যাওঁক, নৰেন্দ্ৰ মোডী মুৰ্দ্দাবাদ, বিজেপিৰ নিস্থাৰ নাই ইত্যাদি শ্ল'গানেৰে আকাশ-বতাহ কপাঁই তোলে৷ ইয়াৰ পাছত প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে কিছু সময়ৰ বাবে গড় আলিত পথ অৱৰোধো কৰে৷ প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ সমদলৰ লগত সহৱস্থান কৰি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয়- এইয়া যোৰহাটৰ ছাত্ৰ সমাজৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদ, জাতিৰ স্বাৰ্থত সকলো একত্ৰিতহৈ আগবাঢ়ি আহিছে, তৎসত্ত্বেও চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা বুজি নোপোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক, বিজেপি চৰকাৰৰ বিপদ অনিবাৰ্য্য বুলিও বৰদলৈয়ে প্ৰতিবাদস্থলীত ব্যক্ত কৰে৷

প্ৰতিবাদৰ অন্তত যোৰহাট ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিৰঞ্জন বৰুৱা আৰু ক্ৰীড়া সম্পাদক নৌচাদ আলীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধীতাৰে সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰা জাতীয় জীৱনৰ মহাসংগ্ৰামখনত সহযাত্ৰী হোৱাৰ মানসেৰে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুনমনি ভূঞা আৰু সাধাৰণ সম্পাদক পাৰ্থ প্ৰতীম বৰাৰ উপস্থিতিত আনুষ্ঠানিকভাবে সদৌ অসম ছাত্ৰ সন্থাত যোগদান কৰে৷ দুয়োগৰাকী ছাত্ৰ একতা সভাৰ বিষয়ববীয়াকে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দই উষ্ম আদৰণি জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষানুষ্ঠান আৰু জাতিৰ স্বাৰ্থত ব্ৰতী হৈ সেৱা আগবঢ়াবলৈ আহবান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in