নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ আইন বাতিলৰ দাবীত শুক্ৰবাৰে বিয়লি গৰৈমাৰীত শিক্ষাৰ্থীসকলে সৰ্বানন্দ সোণোৱাল আৰু ড০ হিমন্তবিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

জানিব পৰামতে শুক্ৰবাৰে বিয়লি ২.৪০ বজাত গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মহাবিদ্যালয় খেলপথাৰৰ পৰা হাতে হাতে প্লেকাৰ্ড, বেনাৰ আদি লৈ বিজেপি চৰকাৰ মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল-ড০ হিমন্তবিশ্ব শৰ্মা মুৰ্দাবাদ, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ আইন বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হুঁচিয়াৰ আদি শ্ল'গান দি গৰৈমাৰীৰ বজাৰ এলেকা মুখৰ কৰি তোলে৷

পিচত প্ৰতিবাদকাৰীসকলে অনুৰূপ শ্ল'গান দি গৰৈমাৰী বজাৰৰ চাৰিআলি চ'কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ড০ হিমন্তবিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে৷ কাৰ্যসূচীত গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি জাহিদুল ইছলাম, উপ-সভাপতি খাদিম আলী, সাধাৰণ সম্পাদক আব্দুল কৰিম, সহকাৰী সম্পাদক শ্বাহজামাল হক অংশ গ্ৰহণ কৰে৷

উল্লেখ্য যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আইনখনৰ তীব্ৰ বিৰোধীতা আৰু বাতিলৰ দাবীত গৰৈমাৰী ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই যোৱা ৯ জানুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in