‘কা’ বিৰোধী প্ৰতিবাদৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ কৰি ৰখা হৈছে এটা পথ! যাতায়তত অসুবিধাৰ সন্মুখীন হোৱা জনতাৰ উত্তাল প্ৰতিবাদ…

‘কা’ বিৰোধী প্ৰতিবাদৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ কৰি ৰখা হৈছে এটা পথ! যাতায়তত অসুবিধাৰ সন্মুখীন হোৱা জনতাৰ উত্তাল প্ৰতিবাদ…

ডিজিটেল ডেস্কঃ দিল্লীৰ শ্বাহিন বাগত হোৱা 'কা' আৰু এনআৰচি বিৰোধী প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিগত কিছুদিন ধৰি বন্ধ হৈ আছে এটা পথ। দেশজুৰি 'কা' বিৰোধী প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে শ্বাহিন বাগতো হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ বাবে দিল্লীৰ মথুৰা ৰোড আৰু কালিন্দী কুঞ্জ সংযোগী ১৩-এ নং পথটো বিগত প্ৰায় দুসপ্তাহ ধৰি বন্ধ কৰি ৰখা হৈছিল।

দিল্লী প্ৰশাসনে বেৰিকেড আৰু ব্লকেজ দি পথটো বন্ধ কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত বিগত সময়ছোৱাত যাতায়তৰ ক্ষেত্ৰত তীব্ৰ অসুবিধাৰ সন্মুখীন হ'বলগা হৈছে দিল্লীবাসী। এটা গুৰুত্বপূৰ্ণ পথ হিচাপে চিহ্নিত এই সংযোগী পথটো চহৰৰ ব্যস্ত জন জীৱনৰে এটা অংশ। তেনে পৰিস্থিতিত পথটো মুকলি কৰি দিয়াৰ বাবে বাৰে বাৰে দাবী জনাই আহিছিল দিল্লীবাসীয়ে।

কিন্তু দিল্লীবাসীৰ এই দাবীৰ পিছতো আৰু 'কা' বিৰোধী প্ৰতিবাদ শাম কটাৰ স্বত্বেও প্ৰশাসনে পথটো যাতায়তৰ বাবে খুলি নিদিয়াত দেওবাৰে প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক লোকে। পথটোৰ পৰা বেৰিকেড আৰু ব্লকেজ আঁতৰাই যাতায়ত সুচল কৰাৰ দাবী জনাই সৰিতা বিহাৰত প্ৰতিবাদী কাৰ্যসূচী হাতত লয় লোকসকলে। প্ৰতিবাদকাৰীসকলে পথটোৰে এক পদযাত্ৰাও বাহিৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in