সদৌ অসম প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক অসহযোগৰ আজি দ্বিতীয় দিন..

সদৌ অসম প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক অসহযোগৰ আজি দ্বিতীয় দিন..

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান কৰি এই অসহযোগ অব্যাহত ৰাখিছে জিলা প্ৰশাসনিক কৰ্মচাৰী সন্থাই।দাবী পূৰণ নহলে ধাৰাবাহিক ভাবে আন্দোলন চলি থাকিব বুলি চৰকাৰক ভাবুকি লগতে আগন্তক বিধানসভাৰ নিৰ্বাচন বর্জনৰ হুমকি।

কৰ্মচাৰী সন্থাৰ এনে প্ৰতিবাদৰ বাবে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়, মানকাচৰ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু দক্ষিণ শালমাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাম কাজ স্থগিত হৈ পৰিছে। সৰ্ব সাধাৰণ ৰাইজ কামৰ বাবে আহি উভতি যাবলগীয়া হৈছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in