ওদালগুৰিত ৰাজপথত মাছ মাৰি মহিলাৰ প্ৰতিবাদ, ৰৌতা-ওদালগুৰি পথ অৱৰোধ ৮টাকৈ সংগঠনৰ

ওদালগুৰিত ৰাজপথত মাছ মাৰি মহিলাৰ প্ৰতিবাদ, ৰৌতা-ওদালগুৰি পথ অৱৰোধ ৮টাকৈ সংগঠনৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ শনিবাৰে এবছুৰ উদ্যোগত ৮টাকৈ সংগঠনৰ উত্তাল প্ৰতিবাদত ৰৌতা-ওদালগুৰি সংযোগী পথত যাতায়ত সম্পূৰ্ণৰূপে ব্যহত হৈ পৰে।। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ওদালগুৰি সদৰলৈ যোৱা ঘাইপথটোৰ দৈফাং চ'কত সংগঠনকেইটাই পথৰ ওপৰতে পুৱা ১০বজাৰ পৰা ২ঘণ্টাৰ বাবে অৱস্থান গ্ৰহণ কৰাত পথটোৰে যাতায়াত চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

উল্লেখ্য যে, ২০১১ চনতে চিমপ্লেক্স নামৰ পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এটাই ৰৌতা-ওদালগুৰি সংযোগী পথটোৰ নিৰ্মাণৰ দ্বায়িত্ব লাভ কৰিছিল। কিন্তু নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্ৱেই প্ৰতিষ্ঠানটোৱে কাম আধাতে সামৰি পলায়ণ কৰে। ফলত চিমপ্লেক্স নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন দল সংগঠনে।

শনিবাৰে ৰৌতা আঞ্চলিক এবছুৰ নেতৃত্বত আছু, আক্ৰাছু, আগছু, ৰৌতা-নলবাৰী প্ৰাথমিক বড়ো সাহিত্য সভা, আবৌফ, অট'-টেক্সি সন্থা, এএবিৱাইএছ‌এফ আদি সংগঠনৰ প্ৰায় অৰ্ধ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে চিমপ্লেক্স প্ৰতিষ্ঠান, অসম চৰকাৰ, গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে হাতে হাতে প্লে'কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, ৰিহন দৈমাৰী হায় হায়, গড়কাপ্তানি মন্ত্ৰী গ'বেক, চিমপ্লেক্স কোম্পানী গ'বেক, আমাক লাগে ভাল ৰাস্তা ইত্যাদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে, হাতে হাতে জাকৈ খালৈ লৈ ৰাজপথত মাছ মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে। তেওঁলোকে ইয়াক চৰকাৰ তথা গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে প্ৰতিকী প্ৰতিবাদ আখ্যা দিয়ে। প্ৰতিবাদস্থলীত উপস্থিত থাকি এবছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা ৰিঞ্জয় বড়োৱে সাংবাদিকৰ আগত কয় যে অনিচ্ছা স্বত্বেও সংগঠনকেইটাই এনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে।

বিগত ২০১৪ চনৰ পৰাই এবছুৱে উক্ত পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে দাবী কৰি অহাৰ পাছতো কোনো এটা বিভাগে ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। বিজেপি চৰকাৰখনে উন্নয়ণৰ শ্ল'গান দি দ্বায়িত্ব সামৰিছে বুলি মন্তব্য কৰি যদি উন্নয়ণেই কৰিব নোৱাৰে, তেন্তে শ্ল'গান দিয়াৰ কোনো প্ৰয়োজন নাই বুলিও এবছু নেতাগৰাকীয়ে সকীয়াই দিয়ে।

লগতে তেওঁ কয় যে, উন্নয়ণৰ ক্ষেত্ৰত অসম তথা বিটিচি চৰকাৰৰ প্ৰতিনিধিসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কেৱল নিৰ্বাচনৰ সময়তহে ৰাইজৰ মাজলৈ যোৱা জনপ্ৰতিনিধিসকলে ৰাইজৰ সমস্যা সমাধানত পিঠি দি আহিছে। চিমপ্লেক্স নামৰ প্ৰতিষ্ঠানটোৰ সৈতে চৰকাৰৰ ভিতৰি কিবা বুজা বুজি থকাৰ বাবে এনে বহিৰাগত প্ৰতিষ্ঠানক কাম কৰিবলৈ চৰকাৰে সুযোগ দিয়াৰ সন্দেহ প্ৰকাশ কৰে বড়োৱে।

বৰ্তমানৰ গড়কাপ্তানি মন্ত্ৰীক শীঘ্ৰে পথটো নিৰ্মাণ কৰি দিয়াৰ বাবে আহ্বান জনাই অন্যথা ৰাইজ পুনৰ পথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হব বুলি কেন্দ্ৰীয় সমিতিৰ নেতাগৰাকীয়ে সকিয়াই দিয়ে। আনহাতে, প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে উপস্থিত প্ৰতিটো সংগঠনৰ নেতৃত্ব‌ই ভাষণ প্ৰদান কৰে। প্ৰতিবাদী কাৰ্যসূচীটোৰ অন্তত গড়কাপ্তানি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in