এফালে প্ৰচণ্ড গৰম, আনফালে বিদ্যুতৰ লুকাভাকু! বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত মানকাচৰত প্ৰতিবাদী মিছিল

এফালে প্ৰচণ্ড গৰম, আনফালে বিদ্যুতৰ লুকাভাকু! বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত মানকাচৰত প্ৰতিবাদী মিছিল

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ 'আমাৰ ফালে কাৰেন্ট নাযায়, মাজে মাজে আহে হে।' ধেমালি হ'লেও শেহতীয়াকৈ এইষাৰ কথাই যেন সঁচা হৈ পৰিছে সমগ্ৰ ৰাজ্যজুৰি। ২৪ ঘন্টাই বিদ্যুতৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দি এসময়ত ৰাজ গাদী দখল কৰা চৰকাৰৰ এক নিষ্কৰ্ম বিভাগলৈ পৰিৱৰ্তন ঘটিছে বিদ্যুৎ বিভাগটো। বিদ্যুতৰ অনিয়মীয়া যোগানৰ ফলত প্ৰচণ্ড গৰমত চাটিফুটি কৰিব লগা হৈছে সাধাৰণ জনতা। দিনটোৰ অধিক সময় লোড শ্বেডিং হৈয়ে থকা বিদ্যুৎ বিভাগটোৰ প্ৰতি ক্ষুব্ধ হৈ পৰিছে সাধাৰণ জনতা। তাৰ প্ৰতিফলন ঘটিল বুধবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাত।

বিদ্যুতৰ অনিয়মীয়া যোগান ব্যৱস্থাৰ বিৰুদ্ধে বুধবাৰে দিনৰ ১১.৩০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিবাসী ৰাইজ অশোকা অষ্টমী মেলা ময়দানৰ পৰা মানকাচৰ বিদ্যুৎ সংমণ্ডল কাৰ্যালয়লৈ এক প্ৰতিবাদী মিছিল বাহিৰ কৰে। বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীৰে বিভিন্ন চৰকাৰবিৰোধী শ্ল'গান দি প্ৰতিবাদকাৰীসকলে ৰাজপথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি বিদ্যুৎ বিভাগ তথা চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলায়।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি বিগত কেইবাবছৰ ধৰি জিলাখনত বিদ্যুৎ বিভাগৰ চৰম অৱহেলাৰ বাবে দিনটোত কেৱল মাত্ৰ ‍৩/৪ ঘন্টাহে বিদ্যুৎ সেৱা আগবঢ়াই আহিছে। তেনে স্থলত স্থানীয় ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত আবেদন নিবেদন কৰাৰ পিছতো কোনো সুফল লাভ নকৰাত অৱশেষত অতিষ্ঠ হৈ সমাজ সেৱক ৰুকুনুৰ জামানৰ নেতৃত্বত বুধবাৰে এই প্ৰতিবাদী মিছিল বাহিৰ কৰে। এই প্ৰতিবাদত বৃহত্তৰ অঞ্চলৰ ৮ শতাধিক লোকে অংশ লয়। ইফালে এই প্ৰতিবাদৰ পিছতে প্ৰতিবাদকাৰীসকলে বিদ্যুত বিভাগৰ এছডিঅ' বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in