পুলৱামা কাণ্ডৰ প্ৰতিবাদত পাকিস্তানৰ পতাকা দাহ কৰি কোকৰাঝাৰৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ 

পুলৱামা কাণ্ডৰ প্ৰতিবাদত পাকিস্তানৰ পতাকা দাহ কৰি কোকৰাঝাৰৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ 

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ ভয়াবহ আত্মঘাতী বিস্ফোৰণত কেন্দ্ৰীয় অৰ্দ্ধসামৰিক বাহিনীৰ চিআৰ পি এফৰ ৪৪ জনকৈ জোৱান শ্বহীদ হোৱা হৃদয় বিদাৰক ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছে কোকৰাঝাৰ ব্যৱসায়ী সন্থাই৷ শনিবাৰে সন্ধিয়া কোকৰাঝাৰ জে ডি ৰোডস্থিত মাৰ্চেন্ট কালিবাৰী প্ৰাংগনত কোকৰাঝাৰ ব্যৱসায়ীক সন্থাই পাকিস্তানী সন্ত্ৰাসবাদৰ বৰ্বৰ কাণ্ডক ধিক্কাৰ দি দেশৰ হকে আত্মবলিদান দিয়া চি আৰ পি এফৰ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি যঁচাৰ পিছতে পাকিস্তান বিৰোধী শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে।

ব্যৱসায়ীসকলে পাকিস্তান মুৰ্দাবাদ, পাকিস্তান হুঁচিয়াৰ, পাকিস্তান নিপাত যাওক, ভাৰত জিন্দাবাদ ধ্বনিৰে পাকিস্তানৰ পতাকা দাহ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক দিলীপ ছেঠীয়াই নেতৃত্ব দি পাকিস্তানৰ সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত বিস্ফোৰণৰ বৰ্বৰকাণ্ডক গৰিহণা দি সন্ত্ৰাসবাদীক উচটনি দিয়া পাকিস্তানৰ স'তে কোনো ধৰণৰ আলোচনা নকৰিবলৈ আহ্বান জনায়৷

এইক্ষেত্ৰত ব্যৱসায়ীক সন্থাই চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি শ্বহীদ জোৱানৰ তেজৰ বিনিময়ত তেজেৰে মূল্য  দিবলৈ চৰকাৰৰ ওচৰত দাবী তোলে৷ প্ৰয়োজনত কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ সদস্যসকলে ভাৰতৰ হৈ সীমান্তত পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিৱলৈ সাজু বুলিও হুংকাৰ দিয়ে৷

প্ৰতিবাদী কাৰ্যসূচীত ব্যৱসায়ী সকলৰ স'তে অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ অধ্যক্ষ সঞ্জয় মজুমদাৰে অংশ লয়৷ উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ ঘটনাৰ প্ৰতিবাদত কোকৰাঝাৰ ব্যৱসায়ী সন্থাই অহা ১৮ ফেব্ৰৱাৰীত কোকৰাঝাৰ ব্যৱসায়ীক প্ৰতিষ্ঠান ২৪ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in