ড০ হীৰেণ গোহাঁইৰ বিৰুদ্ধে তৰা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ প্ৰতিবাদ এআইএছএফৰ

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৱা ৭ জানুৱাৰীত আছুৰ সহযোগত অনুষ্ঠিত ধিক্কাৰ দিৱসত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক তীক্ষ্ন ভাষাৰে সমালোচনা কৰা বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসনে। বিশিষ্ট বুদ্ধীজীৱীগৰাকীৰ বিৰুদ্ধে এই গোচৰ তৰাৰ পিছতে ইয়াৰ তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে ৰাজ্যৰ সাধাৰণ জনতাৰ লগতে বিভিন্ন দল-সংগঠন আৰু সাহিত্যিক মহলতো।

ড০ হীৰেণ গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ তুলি ৰুজু কৰা গোচৰৰ পিছত ইয়াৰ তীব্ৰ বিৰোধিতা কৰে এ আই এছ এফে। সংগঠনৰ সভাপতি মানস বৰাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত চৰকাৰৰ তীক্ষ্ন ভাষাৰে সমালোচনা কৰাৰ লগতে ড০ হীৰেণ গোহাঁইয়ে অসমৰ স্বাৰ্থত মাত মাতি আহিছে আৰু বৰ্তমানো জাতিধ্বংসী বিধেয়ক বিৰোধী আন্দোলনৰ পথ প্ৰদৰ্শক হোৱা বাবেই জাতিদ্ৰোহী বিজেপি চৰকাৰে তেওঁৰ বিৰুদ্ধে এই গোচৰ তৰিছে বুলি মন্তব্য কৰে।

আনহাতে বিধেয়ক বিৰোধী আন্দোলন আৰু ড০ হীৰেণ গোহাঁইৰ বিৰুদ্ধে তৰা গোচৰৰ প্ৰতিক্ৰিয়া স্বৰুপে হ'ব পৰা প্ৰতিবাদক বাধা দিবৰ বাবে গুৱাহাটীত ১৮৮ ধাৰা জাৰি কৰা কাৰ্যক চৰকাৰৰ স্বৈৰাতান্ত্ৰিক কাৰ্য বুলি অভিহিত কৰে মানস বৰাই।

ইফালে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ লগতে বিশিষ্ট সাংবাদিক মনজিৎ মহন্ত আৰু কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে তৰা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ উঠাই নল'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে নিখিল ভাৰত ফেডাৰেচন অসম ৰাজ্য পৰিষদে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in