দিঘলীপুখুৰীত ৰাজপথত শুই ৭০ সংগঠনৰ পদযাত্ৰাকাৰীৰ প্ৰতিবাদ

দিঘলীপুখুৰীত ৰাজপথত শুই ৭০ সংগঠনৰ পদযাত্ৰাকাৰীৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে শনিবাৰে পুৱা ৭০ সংগঠনৰ নেতৃত্বই বাহিৰ কৰিছিল এক পদযাত্ৰা কাৰ্যসূচী। চানমাৰিৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাৰ লক্ষ্য আছিল বিধেয়কখনৰ বিৰুদ্ধে সচেতনতাৰ সৃষ্টি কৰা। পদযাত্ৰাকাৰীসকলক প্ৰথমে চানমাৰি আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও সেই বাধা অতিক্ৰম কৰি আমবাৰী অভিমুখে পদযাত্ৰাকাৰীসকল আগবাঢ়ে।

আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ত ত ৭০ সংগঠনৰ পদযাত্ৰাকাৰীয়ে প্ৰৱেশ কৰিব বিচৰাত আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে। লক্ষণীয় যে, সেই সময়ৰ অগপৰ মুখ্য কাৰ্যালয়ত কোনো নেতাই উপস্থিত নাছিল।

তাৰ পাছত পদযাত্ৰাকাৰীসকলক আৰক্ষীয়ে যান-জটৰ দোহাই দি ইমূৰৰ পৰা সিমূৰলৈ ঘূৰাই লৈ ফুৰে। প্ৰথমে পল্টন বজাৰৰ দিশে পদযাত্ৰাকাৰীসকলক লৈ যোৱা হৈছিল যদিও সেই ঠাইৰ পৰা পানবজাৰ দিশে লৈ যোৱা হয়।

পুনৰ কটনৰ সন্মুখত আহি উপস্থিত হোৱা পদযাত্ৰাকাৰীসকলক দিঘলীপুখুৰীৰ পাৰলৈ লৈ অহা হয়। দিঘলীপুখুৰীতে পদযাত্ৰাকাৰীসকলে ৰাজপথতে শুই পৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in