বড়োলেণ্ড বিশ্ববিদ্যালয়ত অনিৰ্দিষ্টকালীন ধৰ্মঘট, পাঠদান ব্যাহত

বড়োলেণ্ড বিশ্ববিদ্যালয়ত অনিৰ্দিষ্টকালীন ধৰ্মঘট, পাঠদান ব্যাহত

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিতৰ্কই পিছ নেৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজিৰে পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ  হৈছে৷ বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বি এছ ইউৰ উদ্যোগত বড়োলেণ্ড বিশ্ববিদ্যালয় মুখ্য দ্বাৰত অনিৰ্দিষ্টকালীন সময়ৰ বাবে ধৰ্মঘট আৰম্ভ হোৱাত স্তব্ধ হৈ পৰে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ৷

বিএছইউৰ নেতা-কৰ্মী, সমৰ্থকসকলে বিশ্ববিদ্যালয়ৰ মুখ্যদ্বাৰত অৱস্থান গ্ৰহণ কৰি বৰ্তমানৰ উপাচাৰ্য ডঃ হেমন্ত কুমাৰ বৰুৱাই বিগত পাঁচ বছৰ ধৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কোনো উন্নয়নমূলক কাম কৰা নাই বুলি অভিযোগ তুলি উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱা গ' বেক, হেমন্ত কুুুুমাৰ বৰুৱা আমাক নালাগে, নতুনকৈ উপাচাৰ্য নিয়োগ কৰক, বিশ্ববিদ্যালয়ৰ উন্নয়ন আমাক লাগে আদি বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে বিশ্ববিদ্যালয়ৰ চৌহদ।

বিএছ ইউৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি দেৰহাছাৎ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰা মতে বৰ্তমানৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হেমন্ত কুমাৰ বৰুৱাই শিক্ষানুষ্ঠানৰ উন্নয়নমূলক কাম কৰাৰ দায়িত্ব আছিল যদিও যোৱা পাঁচ  বছৰত একোৱে কৰা নাই। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে কোনো কাম নকৰাৰ বাবেই আজিলৈকে বিশ্ববিদ্যালয়খনে ১২ বি ষ্টেটাছ পাবলৈ সক্ষম নহ'ল। যাৰবাবে বহু কেইখন মহাবিদ্যালয় পুনৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ গুচি যাবলৈ বাধ্য হ'ল।

তদুপৰি বিশ্ববিদ্যালয়ত খালী হৈ থকা প্ৰবক্তাৰ পদসমূহ আজিও পূৰণ নহ'ল বুলি অভিযোগ কৰে। উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাক থকাৰ বাবে বিশ্ববিদ্যালয় চৌহদত কোৱাৰ্টাৰ বনাই দিয়া হৈছিল যদিও উক্ত কোৱাৰ্টাৰত উপাচাৰ্যগৰাকীয়ে তাত নাথাকি কোকৰাঝাৰ আৱৰ্ত ভৱনত থাকি সময়ে সময়ে সংবাদমাধ্যমত মিছাতে থাকিবলৈ স্থান নাই বুলি অভিযোগ কৰা কাৰ্যৰ বিৰুদ্ধেও গৰজি উঠে বিএছইউ৷

উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাৰ কাৰ্যকাল চলিত ১৭ ছেপ্টেম্বৰত উকলি গৈছিল যদিও পুনৰ হেমন্ত কুমাৰ বৰুৱাকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক্টিং উপাচাৰ্য হিচাপে নিয়োগ কৰাত উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাক আঁতৰাই নতুনকৈ উপাচাৰ্য নিয়োগ কৰাৰ দাবীৰে বিশ্ববিদ্যালয়ৰ চৌহদত বি এছ ইউৰ কেইবা শতাধিক কৰ্মী,সদস্যই হাতে- হাতে বেনাৰ, ফেষ্টুন ,প্লেকাৰ্ড লৈ বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে৷ মূলত: নতুনকৈ উপাচাৰ্য নিয়োগ কৰাৰ আশ্বাস প্ৰদান নকৰালৈকে অনিৰ্দিষ্টকালীন ধৰ্মঘট  কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি সকিয়নী দিছে প্ৰতিবাদকাৰীসকলে। 

উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাৰ কাৰ্যকাল যোৱা ১৭ ছেপ্টেম্বৰতে অন্ত পৰিছে যদিও বড়োলেণ্ড বিশ্ববিদ্যালয় আইন, ২০০৯ৰ ধাৰা ১০(৩) অনুসৰি নতুন উপাচাৰ্য নিযুক্ত নোহোৱালৈকে হেমন্ত কুমাৰ বৰুৱাকে কাৰ্যভাৰ চলাই নিবলৈ ৰাজভৱনে নিৰ্দেশনাপত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্যপালৰ সচিব এচ কে জি বৰুৱাই প্ৰেৰণ কৰা উক্ত নিদেৰ্শনা পত্ৰ (নং-জিএচএ ৩২/২০১১/২৫১)যোৱা ১৮ ছেপ্তেম্বৰতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে আৰু উপাচাৰ্য নিয়োগৰ বাবেও ইতিমধ্যে সংশ্লিষ্ট কৰ্তৃপক্ষই বিজ্ঞাপনো প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in