শেহতীয়া খবৰ
মহানগৰীৰ চানমাৰিত প্ৰাচী 'ছুইটছ'ত উত্তপ্ত পৰিস্থিতি  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  ইটালীত দলং খহি ৩০ জনৰ মৃত্যু  •  স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ  •  সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি, উৎফুল্লিত বটদ্ৰৱাবাসী  •  নিৰীহ লোকক সেনাই অত্যাচাৰ চলোৱাৰ অভিযোগত উত্তপ্ত ওদালগুৰি  •  ১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে...

নাগাক অপমান, ডিমাপুৰত জ্বলিল শশী থাৰুৰৰ প্ৰতিকৃতি

449

ডিজিটেল সংবাদ, ডিমাপুৰঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে নগা সংস্কৃতিক লৈ কৰা অপমানজনক মন্তব্যৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে।

ডিমাপুৰত নাগালেণ্ডৰ ৰাজ্যিক ভাৰতীয় জনতা যুৱ মৰ্চাই কংগ্ৰেছ নেতাজনক নিচৰ্ত ৰাজহুৱা ক্ষমা খুজিবলৈ দাবী জনায়। প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ নেতাগৰাকীৰ প্ৰতিকৃতিও দাহ কৰে।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবলৈ গৈ শশী থাৰুৰে নগালেণ্ডৰ সাজ-সজ্জাক লৈ ইতিকিংসূচক মন্তব্য কৰিছিল। ইয়াৰ বিৰোধিতা জনাই নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই টুইটাৰযোগে ইতিমধ্যে নগাসকলক অপমান নকৰিবলৈ থাৰুৰক সকীয়াই দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি