নগাঁৱৰ পুৰণিগুদামত জ্বলিল ধিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি

নগাঁৱৰ পুৰণিগুদামত জ্বলিল ধিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে আহোমক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ পুৰণিগুদামতো শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁৱৰ পুৰণিগুদামত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিয়ে পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰে।

পুৰণিগুদাম কেঞাপটিত সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত 'আমিনুল ইছলাম মুৰ্দাবাদ', 'আমিনুল ইছলাম হায় হায়' আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে৷ ইফালে প্ৰতিবাদৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো দিশে সৃষ্টি হয় যান-জঁটৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in