শেহতীয়া খবৰ
জি-৭ত প্ৰধানমন্ত্ৰী মোদীঃ এক পৃথিৱা, এক স্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ...  •  ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

ঢকুৱাখনাত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ …

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনত ইন্ধনজাত সামগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত মাধমাৰ সোধাইছে। লকডাউন কেন্দ্ৰিক অচলাৱস্থাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি সৃষ্টি কৰা মূল্যবৃদ্ধিৰ বোজাৰ বিৰুদ্ধে শুকুৰবাৰে সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত হয় ঢকুৱাখনা মহকুমাত। শুকুৰবাৰে ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতি, ঘিলামৰা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত মহকুমাটোৰ সকলো পেট্ৰ’ল পাম্পৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়।

পঢ়িবলৈ ক্লিক কৰকঃ দেশত ব্লেক ফাংগাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ৩১ সহস্ৰাধিকলৈ, শীৰ্ষ স্থানত মহাৰাষ্ট্ৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, অত্যাৱশ্যকীয় সামগ্ৰী, ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগান দি বিজেপি দল আৰু চৰকাৰ কেৱল ধনী শ্ৰেণীৰ হে চৰকাৰ বুলি কৈ এই পুঁজিপতিৰ ৰক্ষক দল, চৰকাৰৰ হাতত দৰিদ্ৰ , খাটি খোৱা ৰাইজৰ ভৱিষ্যৎ সুৰক্ষিত নহয় বুলি মন্তব্য কৰে কংগ্ৰেছী নেতা পদ্মলোচন দলেয়ে। ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া, সুভাষ দিহিঙীয়া, মুকুল গগৈ, শৰৎ পাতিৰ, ইনামণি বৰুৱা আদি গৰিষ্ঠ সংখ্যক দলীয় কৰ্মকৰ্তাই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি