নলবাৰী বৰকুৰাৰ ৰে’লৱে উৰণীয়া সেতু নিৰ্মাণৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ…

নলবাৰী বৰকুৰাৰ ৰে’লৱে উৰণীয়া সেতু নিৰ্মাণৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ…

প্ৰতিদিন সংবাদ, নলবাৰীঃ নলবাৰী বৰকুৰাত নিৰ্মাণৰত ৰে'লৱে উৰণীয়া সেতুক লৈ তীব্ৰ বিতৰ্ক অব্যাহত আছে। দেওবাৰেও বৰকুৰা চ'ক সুৰক্ষা সমিতিয়ে 'অবিবেচক আৰু আত্মঘাটী উৰণীয়া সেতু আমাক নালাগে' বুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দিনৰ ভাগত সংগঠনটোৰ উদ্যোগত একাংশ লোকে উৰণীয়া সেতুৰ স্থানত সমবেত হৈ আত্মঘাতী উৰণীয়া সেতু আমাক নালাগে, চৰকাৰৰ অবিবেচক সিদ্ধান্ত বাতিল কৰক, উন্নয়নৰ নামত মৃত্যু নিবিচাৰো আদি শ্ল'গান দি পৰিবেশ উত্তাল কৰে।

সমাজকৰ্মী নৃপাল বৰ্মা, শৈলেন্দ্ৰ কুমাৰ ভাগৱতী আৰু দ্বিজেন বৰ্মাৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে কয় যে, তেওঁলোকে উন্নয়ন বিচাৰে,কিন্তু উন্নয়নৰ নামত ৰাইজে আত্মীক মৃত্যু নিবিচাৰে। সেইদৰে ঐতিহ্য বিনষ্ট কৰাটোও নিবিচাৰে। তেওঁলোকে কয় যে, বৰকুৰাত উৰণীয়া সেতু নিৰ্মাণৰ ফলত ব্ৰিটিছৰ দিনত মুক্তিযোদ্ধাসকলে আশ্ৰয় শিবিৰ হিচাপে নিৰ্মাণ কৰা বৰকুৰা স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠান তথা বৰকুৰা প্ৰাথমিক বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, ঐতিহাসিক বিহু মঞ্চ ধ্বংস হোৱাৰ লগতে স্থায়ী খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ব্যৱসায়-বাণিজ্য, ঘৰবাৰী, কোনোমতে দোকান কৰি পেট প্ৰৱৰ্তন কৰি জীয়াই থকাসকলৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব।

তেওঁলোকে এইবুলিও কয় যে বৰ্তমান নলবাৰী হৰিমন্দিৰৰ ওচৰৰ নিৰ্মীয়মান উৰণীয়া সেতুৰ লগতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন সন্ধা পথটো নিৰ্মীয়মান অৱস্থাত থকা বাবে বৰকুৰাত যান বাহনৰ ভিৰ পৰিলক্ষিত হৈছে। উল্লিখিত দুয়োটা কাম সম্পূৰ্ণ হ'লে বৰকুৰাত কোনোধৰণৰ যান বাহনৰ হেঁচা নপৰিব বুলি তেওঁলোকে উল্লেখ কৰে। চৰকাৰে জোৰ জুলুম কৰি আৰু অস্বাভাৱিকভাবে বৰকুৰাত উৰণীয়া সেতুৰ কাম কৰিব বিচাৰিছে বুলি অভিযোগ কৰি কয় যে এই ক্ষেত্ৰত ৰাইজৰ ভীষণ আপত্তি আছে।

ইতিমধ্যে ৰাইজৰ আপত্তিৰ বিষয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী, অসম চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰী আৰু নলবাৰী জিলাৰ উপায়ুক্তক লিখিতভাবে জনোৱা হৈছে বুলিও কয়। প্ৰতিবাদী লোকসকলক নেতৃত্ব দিয়া নৃপাল বৰ্মাই ক্ষোভেৰে উল্লেখ কৰে যে ১০ কিলোমিটাৰৰ ভিতৰত একাধিক উৰণীয়া সেতু হ'ব নোৱাৰে বুলি বিভাগীয় নিয়ম আছে। সেই নিয়ম প্ৰযোজ্য হোৱা নাই।

তদুপৰি ট্ৰেফিক ডাটা অধ্যয়ন অবিহনে বৰকুৰাত উৰণীয়া সেতু নিৰ্মাণৰ ব্যৱস্থা কৰা বুলিও তেওঁ কয়। এই উৰণীয়া সেতুৰ বাবে বিকল্প স্থান উলিয়াই দিয়া সত্ত্বেও অহংকাৰী মন্ত্ৰী-বিধায়কে স্থানীয় ৰাইজৰ মতামতক কোনো গুৰুত্ব নিদিলে বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in