কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ’ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO

কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ’ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ জাগিলে অসমীয়া বাচিব দেশ, নহ'লে হ'ব বাংলাদেশ। এই ধ্বনিৰে শুকুৰবাৰে উত্তাল হ'ল কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ লক্ষ্মীনাথ বেজবৰুৱা পথ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাজ্যৰ হাজাৰ হাজাৰ ৰাইজ। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ আহ্বানত শুকুৰবাৰে বিধেয়কখন বাতিল কৰাৰ দাবীৰে আয়োজন কৰা ৰণহুংকাৰ কাৰ্যসূচীত সমবেত হ'ল ছাত্ৰ-ছাত্ৰীৰ পৰা শিক্ষাবিদ, বুদ্ধিজীৱী, শিল্পী-সাহিত্যিকৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক।

'অসম ৰক্ষাৰ যুঁজত আজি অৱতীৰ্ণ হৈছে ছাত্ৰ-ছাত্ৰীসকল। অসমত বিভিন্ন বিপদৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে দৃঢ় পদক্ষেপ লৈ আহিছে।' শুকুৰবাৰে নাগৰিকত্ব সংশোধী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য কৰে বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইয়ে। তেখেতে লগতে কয়, প্ৰায় এশ বছৰৰো আগৰে পৰাই অসমৰ ছাত্ৰ সমাজে দুৰ্যোগৰ সময়ত আগবাঢ়ি আহি প্ৰাণ সঞ্চাৰ কৰিছিল। আজিৰ চৰকাৰে কাৰো কথা নুশুনে। ফেচিষ্ট চৰকাৰে নিজৰ মতে সকলো কাম কৰে। চৰকাৰে সাধাৰণ মানুহৰ আৱেগ অনুভূতিক অগ্ৰাহ্য কৰে।

তেখেতে লগতে কয়, কেন্দ্ৰই উত্তৰ পূ্ৰ্বাঞ্চলৰ জনসাধাৰণৰ সকলো আশা-আকাংক্ষা ভৰিৰে মোহাৰিব বিচাৰিছে। এই কথা কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি। বিজেপি আৰু সংগী-সাৰথিয়ে মিলি দেশৰ ৰাইজৰ মনত আশংকা বিয়পাই দিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কবলৈ গৈ তেখেতে কয়, এইখন বিধেয়ক কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰি। আমি এই বিধেয়ক গ্ৰহণ কৰিব নোৱাৰো।

শুকুৰবাৰৰ অনুষ্ঠানটোত বিশিষ্ট চিন্তাবিদ হীৰেণ গোহাঁইৰ লগতে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক লক্ষীনন্দন বৰা, সূৰ্য্য দাস, ডঃ অপূৰ্ব কুমাৰ বৰুৱা, উদয়াদিত্য ভৰালী, বিশিষ্ট সাংবাদিক অজিত ভূঞা, হাইদৰ হুছেইন, প্ৰশান্ত ৰাজগুৰু, প্ৰকাশ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, নেকিবুৰ জামান, মীৰা বৰঠাকুৰ, জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ, মানস ৰবীন, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰতিনিধিৰ লগতে বহু লোক। সকলো লোকে একেমুখে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে কটনৰ ছাত্ৰ সমাজে লোৱা দৃঢ় পদক্ষেপৰ শলাগ লয়।

ৰণহুংকাৰত ভাগ লৈ জুবিন গাৰ্গে কোনো দিনে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ হংকাৰ দিয়ে। তেওঁ কয়, যদিহে প্ৰয়োজন হয় আমি উচ্চতম ন্যায়ালয়লৈ যাবলৈকো প্ৰস্তুত আছো। আজি হাজাৰ হাজাৰ লোক ওলাই আহিছে। আমি অশুদ্ধ নহয়। শুদ্ধ প্ৰক্ৰিয়াৰে আমি ক্ষোভ প্ৰদৰ্শন কৰিছো। গতিকে আমাৰ কথা মানি লবই লাগিব। আমাৰ সৈতে ৰাইজ আছে গতিকে অপকৰ্মত আমাৰ বিৰুদ্ধে কেতিয়াও তেওঁলোক (চৰকাৰ) জয়ী হ'ব নোৱাৰে। জুবিন গাৰ্গে লগতে কয়, সময়ত আমাৰ বহু মন্ত্ৰী এমএলএ পাল্টি মাৰিছিল। গতিকে আশা কৰিছো তেওঁলোকে এনেকৈ পাল্টি নামাৰে।

এই কাৰ্যসূচীত ভাগ লৈ বিশিষ্ট সাংবাদিক অজিত ভূঞাই কয়, কেৱল গাদীৰ স্বাৰ্থত মোডী অমিত শ্বাহৰ শৰণ চুইছে অসমৰ ৰাজনৈতিক নেতাই। কেৱল গাদী ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে মোডী-অমিত শ্বাহক কৈছিল আপোনালোকে আইনখন আনক। প্ৰতিবাদ হৈছে এইবোৰ ম্লান পৰিব। লগতে বিশিষ্ট সাংবাদিকগৰাকীয়ে কয়, কোনো মোডী, অমিত শ্বাহ, সৰ্বানন্দ, হিমন্তই আমাৰ মাজত বিভাজন আনিব নোৱাৰে। আজিৰ এই ৰণহুংকাৰে তাকেই প্ৰমাণ কৰিছে। ছাত্ৰ সমাজ আজি বদ্ধপৰিকৰ। এই শাসন উফৰাই দিব ছাত্ৰ সমাজে। ছাত্ৰ আন্দোলন কাহানিও ক্ষান্ত নহয়। ইতিহাসৰ পাতে পাতে আন্দোলন জিলিকি আছে।

শুকুৰবাৰৰ কাৰ্যসূচীত উপস্থিত থাকি বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয়, আজি সংকল্প যাত্ৰা তেতিয়াৰ লৈকে অব্যাহত থাকিব যেতিয়াৰ লৈকে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল নহয়। কেইটামান ভুৱা অপপ্ৰচাৰ কৰিব বুলিও কৈ সাংবাদিকগৰাকীয়ে কয়, এতিয়া চৰকাৰে কেৱল নাগৰিকত্ব সংশোধনী বিধেয়ক নহয়, তেওঁলোকে অসমীয়া জাতি ৰক্ষাৰ বাবে কেতবোৰ সাংবিধানিক ৰক্ষাকৱচ আনিছে। যদিহে চৰকাৰে সাংবিধানিক ৰক্ষা কৱচ দিয়ে তেতিয়া হ'লে এতিয়াই সেই সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব।

বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই ভাগ লৈ কয়, বিচক্ষণ নেতৃত্বৰ কথা ৰাষ্ট্ৰই শুনিব লাগিব। যদিহে নুশুনে তেন্তে ৰাষ্ট্ৰৰ তেনে শাসন উফৰাবলৈ নতুন চামে নেতৃত্ব ল'ব। শুকুৰবাৰৰ কাৰ্যসূচীৰ দ্বাৰা ৰাষ্ট্ৰলৈ এক বাৰ্তা যাব। বিশিষ্ট সাংবাদিকগৰাকীয়ে কয়, কটনৰ ছাত্ৰ সমাজৰ আহ্বানে এই কেব বিৰোধী আন্দোলন তীব্ৰ কৰি তুলিব। অসমৰ লগতে ভাৰতৰ এনে আন্দোলনে ৰাষ্ট্ৰক এক বাৰ্তা দিব বুলি মই ধাৰণা কৰো।

অধিবক্তা নেকিবুৰ জামানে কয়, নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি ল'ব নোৱাৰি। অসম আন্দোলনৰ শ্বহীদসকলক চৰকাৰে পুনৰ মাৰিব বিচাৰিছে। ত্ৰিপুৰাৰ যি ভয়াৱহতা সেই কথা দেখিলে আমাৰ মানুহখিনিয়ে বুজিব। ত্ৰিপুৰাত এতিয়া জনগোষ্টী মানুহবোৰ পাহাৰত থাকিবলগা হৈছে। বাংলাদেশৰ পৰা আহি বিপ্লৱ দেৱ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হৈছে। কেব গৃহতী হ'লে অসমীয়া মানুহ নিঃশেষ হৈ যাব।

ৰণহুংকাৰত ভাগ লৈ নিজ নিজ সৱল যুক্তি আগবঢ়াই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ পৰা অহা প্ৰতিনিধিসকলে। সকলোৱে কেনেদৰে নাগৰিকত্ব সংশোধনী বিধেয়কে আমাৰ সমাজৰ ক্ষতি কৰিব সেই কথা যুক্তিৰে বুজাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীয়ে কয়, জনতা ভৱনক আমি বিবাহ ভৱন বনাম। অগপ কাৰ্যালয়ো বিবাহ ভৱন বনাম। তাত অসমৰ এতিয়াৰ জনপ্ৰতিনিধিয়ে চকীদাৰ কৰিব।

লগতে তেওঁ চৰকাৰক উদ্দেশ্যি কয়, তুমি জাতি ধ্বংস কৰা, আমি জাতি ৰক্ষা কৰিবলৈ যুঁজিম। মাতৃ ভূমিক শেষ কৰিবলৈ নিদিওঁ। হিমন্ত আপুনি আৰএছএছৰ কিতাপ পঢ়িছে। আমি আন্দোলনৰ কিতাপ পঢ়িছোঁ। অসমত অসমীয়া জাতিয়ে সকলো আন্দোলন কৰি পাইছোঁ। আমি সকলো সংগ্ৰাম কৰি গোটাইছোঁ। আমি সংগ্ৰাম কৰিম, অসমীয়া জাতিক বচাম।

তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জ্যোতিষ্মান ডেকায়ো বিধেয়কখনৰ বিৰুদ্ধে নিজৰ মত ব্যক্ত কৰে। তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে ৰাজ্যবাসী কেনে অসুবিধাৰ সন্মুখীন হ'ব সেই কথা কয়।

অনুষ্ঠানৰ মাজতে কটনিয়ানসকলে সমবেত সংগীত পৰিৱেশন কৰে। সন্দিকৈ কলেজৰ ছাত্ৰী কস্তুৰি চুতীয়াইয়ো নিজ মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি কেবৰ বিৰুদ্ধে যুক্তি দিয়ে।

সকলো লোকে জয় আই অসম, নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে গৃহীত কৰিবলৈ দিয়া নহ'ব ইত্যাদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in