শিৱসাগৰৰ নামতিত বন্ধন বেংকত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ উত্তাল প্রতিবাদ

শিৱসাগৰৰ নামতিত বন্ধন বেংকত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ উত্তাল প্রতিবাদ

ডিজিটেল সংবাদ, নামতিঃ ৰাজ্যত বিভিন্ন প্ৰন্তত কাঠফুলাৰ দৰে বাঢ়িছে মাইক্ৰ'ফাইনেঞ্চ কোম্পানী। এই কোম্পানী সমূহে গাঁৱৰ সহজ সৰল ৰাইজক প্ৰথমে ঋণ প্ৰদান কৰি পৰৱৰ্তী সময়ত আধিক সুদৰ হাৰত কিস্তি তুলি হিতাধিকাৰীক মানসিকভাৱে শাস্তি প্ৰদান কৰি অহিছে। বিভিন্ন সময়ত হিতাধিকাৰীৰ ঘৰৰ আচবাব, টিনপাত পৰ্য্যন্ত নিয়াৰ লগতে ঋণ পৰিশোধ কৰিব নোৱাৰি অত্মহত্যাৰ পথ বাচি লোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে এই অসমতে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি-নিৰ্দেশনাক জলাঞ্জলি দি একেজন হিতাধিকাৰিক অধিক ঋণ প্ৰদান কৰি সৰ্বশ্ৰান্ত কৰিছে।

মঙলবাৰে শিৱসাগৰ জিলাৰ নামতিত কৃষক শ্ৰমিক সুৰক্ষা সমিতিৰ উদ্যোগত আঞ্চলটোৰ একাংশ ভূক্তভোগী ৰাইজে নামতিৰ বন্ধন বেংক ঘেৰাও কৰি উত্তাল প্রতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল'গানেৰে পৰিস্থিতি উতপ্ত কৰি তোলে।

মাইক্ৰ'ফাইনেঞ্চ কোম্পানী নীতি-নিৰ্দেশনা সমূহ পৰীক্ষা কৰা, বিত্তীয় প্ৰতিষ্ঠান সমূহৰ সুদৰ হাৰ কম কৰা, আৰ বি আইৰ নিদেৰ্শাৱলী মানি চলিবলৈ দাবী কৰাকে ধৰি ১০টা দাবী সম্বলিত এক স্মাৰক পত্ৰ মুখ্যমন্ত্রীলৈ প্ৰেৰণ কৰে। ঘটনা স্থলীত নামতি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in