নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কামপুৰত জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কামপুৰত জোঁৰ সমদল

ডিজিটেল ডেস্ক, কামপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে দেওবাৰৰ পৰা আৰম্ভ হোৱা 'সংকল্প শিখা যাত্ৰা'ৰ প্ৰতিবাদ সম্প্ৰসাৰিত হৈছে গাঁৱলৈ। সোমবাৰে কামপুৰ-ৰহা পথত ৭০টা সংগঠনৰ শতাধিক প্ৰতিবাদকাৰীয়ে বাহিৰ কৰে জোৰ সমদল।

বিধেয়ক বাতিলৰ দাবীত ৭০ টা সংগঠনে যৌথ প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে। আনহাতে বিধেয়ক বাতিল নকৰিলে পৰিণাম ভয়াৱহ হ'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে৷

ইফালে, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰখনে অসমৰ খিলঞ্জীয়াক প্ৰতাৰণা কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰি দল-সংগঠনসমূহে আগন্তক পঞ্চায়ত নিৰ্বাচনত বিজেপিক বৰ্জন কৰিবলৈ সকলোকে আহ্বান জনায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in