অগপ-বিজেপিৰ মিত্ৰতাৰ বিৰুদ্ধে প্ৰতিবাদ, সভাপতি অতুল বৰাৰ নিৰ্দেশত দুই অগপ নেতাক এবছৰৰ বাবে অব্যাহতি

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল সংবাদ, যোৰহাটঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ নামত অসমীয়াৰ সন্মুখত বিজেপিৰে মিত্ৰতা ত্যাগৰ নাটক কৰা অগপৰ বাবে এতিয়া ক্ষমতাই সৰ্বস্ব। ক্ষমতাৰ বাবে দলৰ নেতৃত্বই যিকোনো কাম কৰিব পাৰে। সভাই সমিতিয়ে বাৰে বাৰে কটাক্ষ লাভ কৰাৰ পাছতো নিলাজৰ দৰে পুনৰ মিত্ৰতা কৰিব পাৰে বিজেপিৰ সৈতে।

আৰু অগপ নেতৃত্বৰ এই মিত্ৰতাৰ সিদ্ধান্তৰ যদি কোনো তৃণমূল নেতাই বিৰোধিতা কৰে তেন্তে তেনে লোকৰ বিৰুদ্ধে দলীয়ভাৱে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবও পাৰে দলটোৰ নেতৃত্বই। শেহতীয়াকৈ অগপ নামৰ আঞ্চলিক দলটোৱে বিজেপিৰা সৈতে কৰা মিত্ৰতাৰ বিৰোধিতা কৰাৰ অজুহাতত দলৰ পৰা এবছৰৰ বাবে অব্যাহতি দিয়া হ'ল দুজন অগপ নেতাক।

অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নীৰেন শৰ্মা আৰু হৰেশ শৰ্মাই প্ৰতিবাদ সাব্যস্ত কৰিছিল অগপ নেতৃত্বৰ বিৰুদ্ধে। ৮৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত জন্ম পোৱা আঞ্চলিক দলটোৱে ক্ষমতাৰ স্বাৰ্থত বিজেপিৰে পুনৰ এবাৰ মিত্ৰতা কৰাটো স্বীকাৰ কৰিব নোৱাৰি এই দুই নেতাই যোৰহাট অগপ কাৰ্যালয়ত দাহ কৰিছিল প্ৰতিকৃতি। অগপৰ ৩ শীৰ্ষ নেতা অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি নেতাদুজনে বাৰে বাৰে আহ্বান জনাইছে বিজেপিৰে মিত্ৰতা নকৰিবলৈ।

কিন্তু অগপ নেতা দুজনৰ এই প্ৰতিবাদে ক্ষুন্ন কৰি তোলে দলটোৰ শীৰ্ষ নেতৃত্বক। যাৰ বাবে সভাপতি অতুল বৰাৰ নিৰ্দেশ মৰ্মে নেতাদুজনক এবছৰৰ বাবে দলৰ পৰা অব্যাহতি প্ৰদান কৰা হয়। উল্লেখ্য, এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অগপৰ ভিতৰচৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অগপৰ নেতৃত্বৰ এনে হঠকাৰী সিদ্ধান্তই দলটোৰ অস্তিত্ব এদন নোহোৱা কৰি পেলাব বুলিও কোনো কোনো মন্তব্য কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in