শেহতীয়া খবৰ
স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...

ডেৰমাহৰ পাছত মুকলি আকাশৰ তললৈ আহিব কাৰাৰুদ্ধ প্ৰণীতা…

ডিজিটেল ডেস্ক : জামিন মঞ্জুৰ হ’ল কাৰাৰুদ্ধ প্ৰণীতা চুতীয়াৰ। বিগত ডেৰমাহে কাৰাবন্দী হৈ আছিল উশ্বু খেলুৱৈগৰাকী। চৰাইদেউৰ সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে প্ৰণীতাৰ জামিন। ফেচবুকত আলফা স্বাধীনক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল প্ৰণীতা।

ডেৰমাহৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰচাৰিত এক বাতৰিত আলফা স্বাধীনক সমৰ্থন কৰি কমেন্ট কৰিছিল প্ৰণীতাই। প্ৰণীতাই লিখিছিল আলফাৰ লিংক পালে মইও যাম আলফালৈ, আই লাভ আলফা বুলি কমেন্ট কৰি গ্ৰেপ্তাৰ হৈছিল উশ্বু খেলুৱৈগৰাকী।

মৰাণহাট আৰক্ষীথানাত প্ৰণীতাৰ বিৰুদ্ধে 36/22ত 120 (B)/121/121A IPC, R/W- Sec- 10/13/18 (B) UA(P) Act & R/W- Sec- 67 of IT Act 2000 ধাৰাত গোচৰ ৰুজু কৰিছিল চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে। অহা ৭ আগষ্টত জিলাভিত্তিক উশ্বু চেমপিয়নছিপত অংশ ল’ব প্ৰণীতাই।

আৰু পঢ়ক : সুৰাপান কৰোঁতে সাৱধান হওঁক, বিষাক্ত সুৰাপান কৰি মৃত্যু ৯ জনৰ…