কোকৰাঝাৰ লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত প্ৰমোদ বড়োৰ চাডেন ভিজিট…

কোকৰাঝাৰ লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত প্ৰমোদ বড়োৰ চাডেন ভিজিট…

ডিজিটেল সংবাদ,কোকৰাঝাৰ : বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা প্ৰমোদ বড়োই সচ্ছ আৰু নিকা প্ৰশাসন গঢ়াত গুৰুত্ব আৰোপ কৰিছে । সময়ে সময়ে প্ৰমোদ বড়োই বিভিন্ন চৰকাৰী কাৰ্যালয়ত চাডেন ভিজিট দি আহিছে আৰু আজি সদৰ চহৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিকটত থকা লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত চাডেন ভিজিট দিয়ে । বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই এনেকি আলমাৰী খুলি ফাইল পৰ্যন্ত চায় ।

আনহাতে সংবাদ মাধ্যমৰ আগত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই কয় যে আজি তেওঁ লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি বিষয়া -অভিযন্তাক আঁচনি সন্দৰ্ভত সোধপোছ কৰে । কোকৰাঝাৰ জিলাৰ বহুসংখ্যক ৰাস্তা বেয়া আৰু কিছুমানত যাবই নোৱাৰি বুলি মন্তব্যৰে যাতায়ত ব্যৱস্থাত কোনোধৰণৰ সমস্যা হব নালাগে বুলি মত প্ৰকাশ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই ৰাস্তা-পদুলিৰ উন্নয়নৰ লগতে আন কামসমুহো ক্ষিপ্ৰতাৰে কৰা হব বুলি মত প্ৰকাশ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in