সাংবাদিক সমাজৰ দাপোনঃ কোকৰাঝাৰ প্ৰেছক্লাৱত প্ৰমোদ বড়োক সম্বৰ্ধনা…

সাংবাদিক সমাজৰ দাপোনঃ কোকৰাঝাৰ প্ৰেছক্লাৱত প্ৰমোদ বড়োক সম্বৰ্ধনা…

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ প্ৰেছক্লাৱৰ উদ্যোগত শনিবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ সতে অন্তৰংগ আলাপ অনুষ্ঠান আৰু সম্বৰ্ধনা সভাত প্ৰেছ ক্লাৱৰ সমূহ সদস্যই অংশ গ্ৰহণ কৰে।

কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ সভানেত্ৰী মনালিছা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰমোদ বড়োৰ সতে অন্তৰংগ আলাপ অনুষ্ঠান আৰু সম্বৰ্ধনা সভাত নিজ ভাষণত প্ৰমোদ বড়োই কয় যে সাংবাদিকসকল হ'ল সমাজৰ দাপোন স্বৰূপ। সাংবাদিকৰ ধনাত্মক উপস্থাপনে সুস্থ সমাজ আৰু শক্তিশালী গণতন্ত্ৰ গঢ়াত আগভাগ লয় বুলি মন্তব্য কৰি বড়োলেণ্ডৰ উন্নয়ন আৰু পৰিবৰ্তনত কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ যথেষ্ট ভূমিকা আছে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োই।

বৰ্তমান ডিজিটেলৰ যুগ যদিও বাতৰিৰ শুদ্ধতা আৰু সত্যতাৰ বাবে আজিও কাকতৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় আৰু ঠিক তেনেদৰে কিতাপ এখন ডিজিটেল মাধ্যমত পঢ়িব পাৰি কিন্তু গ্ৰন্থৰ যি সুৱাস আৰু মাদকতা সেয়া অকল কিতাপত হে বিচাৰি পাব পাৰি বুলি মন্তব্য কৰে প্ৰমোদ বড়োই। কোকৰাঝাৰ প্ৰেছ ক্লাৱলৈ বছৰি পাঁচলাখকৈ অৰ্থসাহায্য আগবঢ়োৱা হব আৰু কম্পিউটাৰ , ৱাইফাইৰ সকলো সুবিধা আগবঢ়োৱা হব বুলি ঘোষণা কৰি কোকৰাঝাৰত জাৰ্ণালিষ্ট গেষ্ট হাউচ নিৰ্মান কৰাৰ কথা সদৰি কৰিছে প্ৰমোদ বড়োৱে।

সাংবাদিকৰ সকলো সমস্যা পৰ্যায়ক্ৰমে সমাধান কৰা হব আৰু এতিয়াৰে পৰা সাংবাদিকে মুক্তমনেৰে বাতৰি উপস্থাপন কৰিব পাৰিব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বকীয়তা অক্ষুণ্ণ ৰখাত গুৰুত্ব আৰোপ কৰে। শনিবাৰৰ অনুষ্ঠানত বিশিষ্ট ভাস্কৰ্য শিল্পী জনক ঝংকাৰ নাৰ্জাৰীও উপস্থিত থাকে আৰু কোকৰাঝাৰ প্ৰেছক্লাৱে শিল্পীগৰাকীক সম্বৰ্ধিত কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in