হাগ্ৰামা মহিলাৰীৰ কোনো ৰাজনৈতিক ভিজন নাই, যি মন যায় তাকে কৰেঃ প্ৰমোদ বড়ো…

হাগ্ৰামা মহিলাৰীৰ কোনো ৰাজনৈতিক ভিজন নাই, যি মন যায় তাকে কৰেঃ প্ৰমোদ বড়ো…

ডিজিটেল সংবাদ,ওৰাং: বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত আৰাম্ভ হৈছে ৰাজনৈতিক তৎপৰতা। পিছ পৰি থকা নাই আঞ্চলিক ৰাজনৈতিক দল ইউ পি পি এল। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতাৰে নতুন নতুন সমীকৰন আৰম্ভ কৰিছে ইউ পি পি এলে।

আগন্তুক বিধান সভা নিৰ্বাচনত বি টি আৰত ১২ টা। বিটিআৰৰ বাহিৰত ৪ টা সমষ্টিত জয় নিশ্চিত বুলি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। ইউ পি পি এল আৰু বিজেপিৰ মিত্ৰ যুতে ১৬ খন আসন লাভ কৰিব বুলি দাবী প্ৰমোদ বড়োৰ।
বিটিচিৰ লগতে বিটিচিৰ সমীপৰ ১৬ টা বিধানসভা সমষ্টি বেলেগৰ নহয় বিজেপি ইউ পি পি এলে দখল কৰিব বুলি দাবী প্ৰমোদ বড়োৰ। এই সম্পৰ্কে বিজেপিৰ লগত আসন বুজাবুজিৰ চেমি ফাইনেলত আছে। ইউ পি পি এলে ফাইনেল কৰাৰ চেষ্টা চলাই আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰমোদ বড়োয়ে। বি টি আৰৰ বাহিৰটো বিধানসভা নিৰ্বাচনতো ইউ পি পি এলে প্ৰতিদণ্ডীতা কৰিব বুলি তেওঁ মন্তব্য কৰে। লগতে তেওঁ কয় বিজেপি আৰু ইউ পি পি এলৰ মিত্ৰতা বি টি আৰৰ বাহিৰতো হ'ব। ,

প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি প্ৰমোদ বড়োয়ে কয় যে "হাগ্ৰামা মহিলাৰীৰ কোনো ৰাজনৈতিক ভিজন নাই। হাগ্ৰামা মহিলাৰী ৰাজনৈতিক ভাবে দুৰদৰ্শী নহ'য়। হাগ্ৰামা মহিলাৰীয়ে যি মন যায় তাকে কৰে। হাগ্ৰামাৰ শাসন কালত প্ৰতিটো বিভাগতে দুৰ্নীতি হৈছে । ১৭ বছৰে কোনো উন্নয়ন নকৰিলে হাগ্ৰামাই। হাগ্ৰামাই ১৭ বছৰে ৰাজনীতিয়েই কৰি থাকিলে যাৰ ফলত ৰাইজৰ সামগ্ৰীক উন্নয়ন নহল। হাগ্ৰামাই দাম্ভিকতা কৰাৰ কোনো প্ৰয়োজন নাই এতিয়া‌। টকা আছে বাবেই কেইদিনমান লম্ফ জম্ফ কৰি থাকিব বি পি এফে।"ৰোগ নিৰ্মূল বি টি আৰৰ লক্ষ্যৰে মঙ্গলবাৰে মাজবাটত মহলীয়া পাৰা আদৰ্শ চিকিৎসালয় মাঙ্গলিক ধ্বনিৰে আনুস্থানিক ভাবে উদ্ধোধন কৰি সাংবাদিক আগত এই মন্তব্য প্ৰদান কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে।

মাজবাটত আদৰ্শ চিকিৎসালয় মুকলিয়ে স্বাস্থ্য সমস্যাৰ ক্ষেত্ৰত কিছু পৰিমাণে ৰাইজৰ উপকাৰ হ'ব। বি টি আৰত বৰ্তমান ক্ষীপ্ৰ গতিত স্বাস্থ্য সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়িছে। ৰোগ নিৰ্মূল বি টি আৰ লক্ষ্যৰে আগবাঢ়িছে বিটিচিৰ নৱ গঠিত চৰকাৰ। বি টি আৰ অঞ্চলৰ সকলো অঞ্চলৰ ৰোগ নিৰ্মূল কৰাৰ লক্ষ্যৰে বিটিচি চৰকাৰে আৰাম্ভ কৰিছে ৰোগ নিৰ্মূল বি টি আৰ অভিযান। ৰোগ নিৰ্মূল বি টি আৰ অভিযানৰ জড়িয়তে বি টি আৰ অঞ্চলত পুষ্টিহীনতাত ভোগা লোক সকলক পুষ্টিকৰ খাদ্য যোগান ধৰা হ'ব। লগতে ৰোগ নিৰ্মূল বি টি আৰ অভিযানৰ জড়িয়তে সকলো অঞ্চলত স্বাস্থ্যৰ পুষ্টিৰ সম্পৰ্কে সজাগতামূলক অভিযান আৰম্ভ হৈছে।

বাল্য বিবাহৰ ফলতেই পুষ্টিহীনতাত ভোগা শিশুৰ জন্ম হ'য়। বাল্য বিবাহ বন্ধ কৰাৰ বাবে ইতিমধ্যে লোৱা হৈছে সজাগতামূলক অভিযান। ৫ বছৰত প্ৰতিটো মহকুমাত একোখনকৈ অস্ত্ৰোপচাৰ কক্ষ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে। সকলো দুখীয়া ৰাইজে যাতে সকলো ধৰণৰ ৰোগৰ অস্ত্ৰোপচাৰ কৰিব পাৰে তাৰ ব্যৱস্থা থাকিব এই অস্ত্ৰোপচাৰ কক্ষ সমূহত। কম দিনৰ ভিতৰতে চিকিৎসকৰ নাটনি নোহোৱা হ'ব বি টি আৰত। বি টি আৰ চুক্তিৰ জড়িয়তে দুখনকৈ চিকিৎসা মহাবিদ্যালয় পাবলৈ সক্ষম হৈছে বি টি আৰ বাসীয়ে।
কোকৰাঝাৰ আৰু তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ে বি টি আৰত দীৰ্ঘদিনীয়া চিকিৎসকৰ নাটনিৰ সমস্যা সমাধানৰ কৰিব। বুধবাৰে মাজবাটৰ মহলীয়া পাৰা আদৰ্শ চিকিৎসালয় মুকলি কৰি এই মন্তব্য প্ৰদান কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে। একেটা অনুষ্ঠানত উপস্থিত থাকে বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, ৩৯ নং পাচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰ, ওদালগুৰি জিলা স্বাস্থ্য বিভাগৰ বিষয়া, ওদালগুৰি জিলা স্বাস্থ্য কৰ্মীৰ লগতে কেইবা শতাধিক ৰাইজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in