চাকৰিৰ দালাল ৰাজীৱ পৰাশৰৰ গাড়ীত বিশ্বনাথৰ বিধায়কৰ কাৰ পাছ, কি ক’লে প্ৰমোদ বৰঠাকুৰে…VIDEO

চাকৰিৰ দালাল ৰাজীৱ পৰাশৰৰ গাড়ীত বিশ্বনাথৰ বিধায়কৰ কাৰ পাছ, কি ক’লে প্ৰমোদ বৰঠাকুৰে…VIDEO

ডিজিটেল সংবাদ, বিশ্বনাথঃ ৰাজ্যৰ কোটি কোটি নিবনুৱাৰ  আশাত চেচা পানী ঢালি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চাকৰি দিয়াৰ বজাৰ মেলা জামুগুৰীহাটৰ ৰাজীৱ পৰাশক গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাজীৱৰ স্কৰপীঅ' গাড়ীত উদ্ধাৰ হৈছিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিধানসভাৰ কাৰ পাছ।

বিভিন্ন সামাজিক মাধ্যমত এই বিষয়টোয়ে চৰ্চা লাভ কৰিছে। ৰাজীৱ পৰাশৰৰ লগত বিশ্বনাথৰ বিধায়কৰ সম্পৰ্ক কি? বিজেপিৰ বিধায়কৰ ঘৰলৈ আহে নেকি ৰাজীৱ পৰাশৰ?  এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। বিধায়ক গৰাকীয়ে কয় যে ৰাজীৱ পৰাশৰৰ লগত ব্যক্তিগত  কোনো ধৰণৰ  সম্পৰ্ক নাই। 

২০১৭ চনত মোৰ ওচৰলৈ আহিছিল আৰু তেতিয়া মই চিনি পাইছিলো। সেই সময়ত মোৰ পৰা জনতা ভৱনলৈ বিশেষ কামত যাবৰ বাবে কাৰ পাছ খন লৈছিল। সেই সময়ত দলৰ দায়িত্বত আছিল তেও ৷

বিধায়ক গৰাকীয়ে লগতে কয় যে এজন ব্যক্তিক জিলা উপায়ুক্তই বন্দুকৰ  অনুজ্ঞাপত্ৰ দিয়ে আৰু ব্যক্তিজনে সেই বন্দুকৰে বেয়া কাম কৰিলে উপায়ুক্ত জন কেনেকৈ দোষী হ'ব বুলি প্ৰশ্ন কৰে। মই তেখেতক চিনি পাইছিলো আৰু কাৰ পাছ খন দিছিলো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in