পৰিসংখ্যা দিৱস উপলক্ষে অধ্যাপক পি চি মহলানবিছ ৰাষ্ট্ৰীয় বঁটা ঘোষণা…

পৰিসংখ্যা দিৱস উপলক্ষে অধ্যাপক পি চি মহলানবিছ ৰাষ্ট্ৰীয় বঁটা ঘোষণা…

পৰিসংখ্যা দিৱস উপলক্ষে অধ্যাপক পি চি মহলানবিছ ৰাষ্ট্ৰীয় বঁটা ঘোষণা…

ডিজিটেল ডেস্কঃ ২৯ জুনৰ পৰিসংখ্যা দিৱস উপলক্ষে ২০২১ বৰ্যৰ অধ্যাপক পি চি মহলানবিছ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগৰ পূৰ্বৰ অধ্যক্ষ ড০ আৰ বি বৰ্মনক। ভাৰতীয় চৰকাৰী পৰিসংখ্যা প্ৰণালীলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২১ বৰ্ষৰ এই বঁটা আগবঢ়োৱা হৈছে ড০ আৰ বি বৰ্মণক। এই বঁটাৰ লগত আছে এখন মান পত্ৰ, এটা স্মাৰক আৰু নগদ ২ লাখ টকা।

উল্লেখ্য যে, ২০০৭ চনৰ পৰাই ভাৰত চৰকাৰে প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ জন্মদিন ২৯ জুনক ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰি আহিছে। দেশৰ অৰ্থনৈতিক পৰিকল্পনা আৰু পৰিসংখ্যাৰ ক্ষেত্ৰত প্ৰশান্ত চন্দ্ৰ মহালানবিছে আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ সন্মন জনাই প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে।

এই জদিৱস উদযাপনৰ জড়িয়তে যুৱ প্ৰজন্মৰ মাজত আৰ্থ সামাজিক পৰিকল্পনা আৰু দেশৰ উন্নয়নৰ বাবে নীতি প্ৰণয়ন সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপনৰ অংশ হিচাপে এই মন্ত্ৰালয়ে পৰিসংখ্যাবিদসকলক ভাৰতীয় ৰাষ্ট্ৰীয় পৰিসাংখ্যিক ব্যৱস্থাত তেওঁলোকৰ অৱদানৰ স্বীকৃতি স্বৰূ্পে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি আহিছে।পৰিসংখ্যাৰ ক্ষেত্ৰত জীৱনজুৰা অৱদানৰ অৱদানৰ বাবে অধ্যাপক পি ভি সুখতমে ৰাষ্ট্ৰীয় বঁটা, যুৱ পৰিসংখ্যাবিদৰ বাবে অধ্যাপক চি আৰ ৰাও ৰাষ্ট্ৰীয় বঁটা আৰু তিনিটা শ্ৰেণীৰ চৰকাৰী পৰিসংখ্যাত অধ্যাপক পি চি মহালানোবিছ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হয়। এই বঁটা ২০২০ চনৰ পৰা প্ৰদনা কৰা হৈছে।

উল্লেখ্য যে ২০২১ বৰ্ষৰ অধ্যাপক পি চি মহলানবিছ ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত ড০ আৰ বি বৰ্মন হৈছে ৰাষ্ট্ৰীয় পৰিসংখ্যাখ্যিক আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী।ড০ বৰ্মনে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যবাহী সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰি এজন উপ-গভৰ্নৰৰ মৰ্যাদা লাভ কৰিছে। ২০০৮ চনৰ পৰা তেওঁ ৰাজহুৱা আৰু ব্যক্তিগত কোম্পানীত স্বতন্ত্ৰ সঞ্চালক হৈ আছে। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম আৰু দেউলীয়াৈ পৰিষদক প্ৰযুক্তিগত পৰামৰ্শ প্ৰদান কৰে। ড০ বৰ্মনে ইণ্ডিয়ান ইকনোমেট্ৰিক চছাইটিৰ পূৰ্বৰ সভাপতি, কেন্দ্ৰীয় বেংক পৰিসংখ্যা, বেক ফৰ ইণ্টাৰনেচনেল ছেটেলমেণ্টছ, চুইজাৰলেণ্ডৰ আৰভিং ফিছাৰ কমিটিৰ উপাধক্ষ্য হিচাপেও দায়িত্ব পালন কৰিছে। আনহাতে তেওঁ কেইবাখনো কাকত, আলোচনীত গৱেষণাধৰ্মী লেখা প্ৰকাশিত হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in