ঢকুৱাখনা-ধেমাজিত অইলত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ, ৰঙাঘৰৰ আলহী হ’ল প্ৰৱঞ্চক

ঢকুৱাখনা-ধেমাজিত অইলত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ, ৰঙাঘৰৰ আলহী হ’ল প্ৰৱঞ্চক

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চাকৰিৰ বজাৰ চলিছে৷ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা দালালৰ প্ৰৰোচনাত পৰি একাংশ লোক সৰ্বশ্ৰান্ত হোৱাৰ সমান্তৰালকৈ অইল ইণ্ডিয়াত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা এটা প্ৰবঞ্চকক ঢকুৱাখনা আৰক্ষীয়ে সোমবাৰে আটক কৰে। আটকাধীন প্ৰবঞ্চকটোৰ গুনীন হাজৰিকাৰ পুত্ৰ অবিনাশ হাজৰিকা ওৰফে সিদ্ধাৰ্থ হাজৰিকা ওৰফে অভিষেশ হাজৰিকা।প্ৰ

বঞ্চকটোৰ ঘৰ যোৰহাটৰ ৰাজা মৈদামত। অভিযোগ মতে, ঢকুৱাখনা-ধেমাজি আদি ঠাইৰ একাংশ অসহায় নিবনুৱা যুৱক-যুৱতীৰ পৰা দুলীয়াজানৰ অইলত চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিছিল অবিনাশ হাজৰিকাই। নিজকে যোৰহাটৰ ৰাজা মৈদামৰ বাসিন্দা তথা প্ৰথম অৱস্থাত দুলীয়াজানস্থিত অইলত চাকৰি কৰি থকা বুলি চিনাকি দি লগতে জনৈক বৰুৱা নামৰ প্ৰাক্তন অইলৰে এগৰাকী শীৰ্ষ বিষয়াৰ ঘনিষ্ঠ বুলি চিনাকি দি দীৰ্ঘদিনৰ পৰা ঢকুৱাখনা-ধেমাজি আদি ঠাইত একাংশ নিবনুৱাৰ পৰা নানাধৰণৰ প্ৰলোভনেৰে ধৃত যুৱকজনে টকা সংগ্ৰহ কৰি আহিছিল বুলি জানিব পৰা গৈছে।

প্ৰবঞ্চকটোয়ে এমাহৰ ভিতৰতে চাকৰি দিব পাৰিব বুলি দাবী কৰে৷ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰথমে ৮-১০ হাজাৰ টকা আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দৰকাৰ বুলি কয়। এনেদৰেই অবিনাশ হাজৰিকাসহ এটি চক্ৰই ঢকুৱাখনা আৰু ধেমাজিৰ বহু লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰে।

এই সন্দৰ্ভত ঢকুৱাখনাৰ এগৰাকী মহিলাই সোমবাৰে ঢকুৱাখনা সদৰ থানাত প্ৰবঞ্চক অবিনাশ হাজৰিকাৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত মঙলবাৰে ঢকুৱাখনা আৰক্ষীয়ে আটক কৰে প্ৰবঞ্চক অবিনাশ হাজৰিকাক। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২০ ধাৰাৰ অধীনত ০৯/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে ইতিমধ্যে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in