গোলাঘাটত প্ৰৱন্ধ প্ৰতিযোগিতাৰ আয়োজন

ডিজিটেল সংবাদ, গোলাঘাটঃ অহা ৯ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মধ্যকালীন অধিবেশনৰ লগত সংগতি ৰাখি এক প্ৰৱন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সকলোৰে বাবে মুকলি এই প্ৰতিযোগিতাৰ বিষয়-বস্তু হ'ব- 'মোৰ দৃষ্টিত এগৰাকী সাংবাদিক।'

প্ৰৱন্ধ সমূহ এহেজাৰ শব্দৰ ভিতৰত হ'ব লাগিব আৰু অহা ৩০ নৱেম্বৰৰ ভিতৰত বিকাশ শৰ্মা (কাৰ্যকৰী সভাপতি, ভি আই পি ৰোড, গোলাঘাট জিলা সাংবাদিক সংস্থা) অথবা bs196666@gmail.com এই মেইল যোগে প্ৰেৰণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে৷ নিৰ্বাচিত হোৱা প্ৰথম তিনিটা স্থানৰ প্ৰতিযোগীক নগদ ধনেৰে পুৰস্কৃত কৰা হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in