বহু চৰ্চিত প্ৰিয়ংকা-নিকৰ বিয়াৰ ফটো অৱশেষত হ’ল ৰাজহুৱা

বহু চৰ্চিত প্ৰিয়ংকা-নিকৰ বিয়াৰ ফটো অৱশেষত হ’ল ৰাজহুৱা

ডিজিটেল ডেস্কঃ অৱশেষত ৰাজহুৱা হ'ল বহু চৰ্চিত প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ বিয়াৰ আলোকচিত্ৰ। মঙলবাৰে এই আলোকচিত্ৰ ৰাজহুৱা কৰা হয়। যোধপুৰত দুদিনীয়া বিবাহপাশত আৱদ্ধ হোৱা তাৰকাদ্বয়ে বিয়াৰ আলোকচিত্ৰৰে 'পিপল' নামৰ আলোচনীখনে সজাইছে তেওঁলোকৰ কাভাৰ পৃষ্ঠা। বিয়াৰ সকলো আলোকচিত্ৰ চৰ্ত লাভ কৰিছে আলোচনীখনে।

আলোচনীখনৰ এইবাৰৰ সংখ্যা, মুখ্য লেখা 'আৱাৰ ৱেডিং এলবাম'। উল্লেখযোগ্য যে, যোধপুৰত দুদিনীয়াকৈ বিবাহপাশত আৱদ্ধ হৈছিল প্ৰিয়ংকা আৰু নিক। প্ৰথম দিনা খ্ৰীষ্টান ৰীতি-নীতিৰে বিয়া হৈছিল তাৰকাদ্বয়ৰ।

দ্বিতীয়দিনা হিন্দু ৰীতি-নীতিৰে বিবাহ কাৰ্য সম্পন্ন হৈছিল দুয়োৰে। এই বিয়াত বলিউডৰ প্ৰায়সকল তাৰকা উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in