‘মই আজিৰ পৰা মনে-প্ৰাণে নিকৰ হৈ গ’লো’…প্ৰিয়ংকা

‘মই আজিৰ পৰা মনে-প্ৰাণে নিকৰ হৈ গ’লো’…প্ৰিয়ংকা

ডিজিটেল ডেস্কঃ শুভেচ্ছা লৈ লৈ ভাগৰি পৰিছে প্ৰিয়ংকা। ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ সকলোতে কেৱল প্ৰিয়ংকা চোপ্ৰাৰ চৰ্চা। আনুষ্ঠানিকভাৱে আজি প্ৰিয়ংকাই ইনষ্টাগ্ৰামত এখন ফটো দি ঘোষণা কৰিলে- 'মই হৃদয় আৰু মনেৰে তেওঁৰ হৈ গ'লো'।

দীৰ্ঘদিন ধৰি প্ৰিয়ংকা আৰু নিক জ'নাছৰ সম্পৰ্কক লৈ বলিউডত বহু কাহিনী বিয়পি পৰিছিল। আজি সেই কাহিনী সঁচা প্ৰমাণিত হ'ল। মুম্বাইত প্ৰিয়ংকাই দিছিল তেওঁলোকৰ এংগেজমেণ্ট পাৰ্টি। য'ত উপস্থিত আছিল প্ৰিয়ংকাৰ দীৰ্ঘদিনৰ প্ৰেমিক তথা ভাৱী স্বামী নিক জ'নাছ।

সপৰিয়ালে আহি মুম্বাইত উপস্থিত হৈছিলহি জ'নাছ। ইয়াৰ পূৰ্বে মুম্বাইলৈ দুবাৰ আহিছিল জ'নাছ। আজি পিছে জ'নাছক দেখা পোৱা গ'ল সম্পূৰ্ণ ভাৰতীয় সাজ-পোছাকত। কুৰ্টা-পাইজামা পৰিধান কৰি আছিল জ'নাছে। একেদৰে জ'নাছৰ পৰিয়ালৰ লোকসকলেও পৰিধান কৰিছিল ভাৰতীয় সাজ-পাৰ।

প্ৰিয়ংকাক আজি দেখা পোৱা গৈছিল কইনাৰ ৰূপত। ইফালে, বলিউডৰ অভিনেত্ৰী-অভিনেতাসকলে প্ৰিয়ংকাক শুভেচ্ছা জনাই টুইটাৰ, ইনষ্টাগ্ৰাম ভৰাই দিছিল। প্ৰীতি জিণ্টাই লিখিছিল- 'মোৰ মৰমৰ প্ৰিয়ংকা আৰু নিক জ'নাছলৈ অভিনন্দন। তেওঁলোকৰ নতুন যাত্ৰা সুখময় হওঁক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in