শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

ট্ৰাম্পৰ ভাৰত ভ্ৰমণসূচীত ব্যয় হ’ব লগা ধনক লৈ প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন…

426

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত আহি উপস্থিত হ’বহি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণত ব্যস্ত থাকিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। উল্লেখ্য যে, সোমবাৰে আহমেদাবাদত অনুষ্ঠিত হ’ব লগা ‘নমস্তে ট্ৰাম্প’ কাৰ্যসূচীৰ বাবে ব্যাপক প্ৰস্তুতি কৰা হৈছে।

ভাৰতত ডনাল্ড ট্ৰাম্পক আদৰণি জনাবৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰিব লগা ব্যয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, প্ৰিয়ংকা গান্ধীয়ে মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে ব্যয় হ’ব লগা ধনক লৈ প্রশ্ন উত্থাপন কৰিছে।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয় কয় যে, ‘ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক আদৰণি জনাবৰ বাবে ১০০ কোটি টকা খৰচ কৰা হ’ব। কিন্তু ধন এখন সমিতিৰ জৰিয়তেহে ব্যয় কৰা হ’ব। সমিতিখনৰ সদস্যসকলেই গম নাপাই যে তেওঁলোক সমিতিখনৰ সদস্য। দেশৰ নাগৰিকে এইখিনি জনাৰ অধিকাৰ নাই নেকি যে, কোন মন্ত্ৰালয়ে সমিতিখনক এই ধন দিছে? সমিতিৰ নাম লৈ চৰকাৰে কি লুকুৱাব বিচাৰিছে?’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি