শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ…

152

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোডীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাবলৈ বনোৱা পোষ্টাৰত প্ৰধানমন্ত্ৰীৰ ফটোৰ সৈতে দেখা গ’ল উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্ত কুলদীপ সিংহ ছেংগাৰ ফটো। এই পোষ্টাৰখনক লৈ ক্ষোভ ব্যক্ত কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে টুইটাৰত বিৰোধিতা কৰিলে ইয়াক লৈ।

উত্তৰপ্ৰদেশত স্বাধীনতা দিৱস উপলক্ষে ছপা হৈছিল এই পোষ্টাৰখন। আৰু প্ৰধানমন্ত্ৰীসহ বিজেপিৰ কেইবাগৰাকীও নেতা-নেত্ৰীৰ সৈতে পোষ্টাৰখনত দেখা গ’ল উন্নাৱ বলাৎকাৰ কাণ্ডৰ অভিযুক্ত কুলদীপ ছেংগাৰক।

প্ৰিয়ংকা গান্ধীয়ে টুইটটোত লিখিছে- ‘চিবিআই-য়ে ৰিপৰ্ট দিলে। কিন্তু বিজেপিৰ হৃদয়ত এতিয়াও বলাৎকাৰ কাণ্ডৰ অভিযুক্ত কুলদীপ সিংহ ছেংগাৰৰ স্থান আছে। বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ ফটোৰ সৈতে তেওঁৰ ফটো আছে…’

উল্লেখ্য যে, কিছুদিন পূৰ্বে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুখ্য অভিযুক্ত কুলদীপ সিংহ ছেংগাৰক বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছিল। কিন্তু স্বাধীনতা দিৱসত এই পোষ্টাৰখনত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে কুলদীপ ছেংগাৰৰো ফটো দেখা গ’ল। আৰু এই পোষ্টাৰখনক লৈ এনেদৰে টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি