২৩ বছৰীয়া বিবাহ বাৰ্ষিকীত আবেগিক হৈ পৰিল প্ৰিয়ংকা, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো…

২৩ বছৰীয়া বিবাহ বাৰ্ষিকীত আবেগিক হৈ পৰিল প্ৰিয়ংকা, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো…

ডিজিটেল ডেস্কঃ শৈশৱৰ বন্ধুত্ব, তাৰ পিছত প্ৰেম। কঠোৰ নিৰাপত্তাৰ মাজতো এগৰাকী ৰাজনীতিবিদৰ কন্যা আৰু এজন সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ যুৱকৰ মাজত গঢ়ি উঠিছিল ভালপোৱা। সেই ভালপোৱাৰ পৰিণতিতেই ১৯৯৭ চনৰ ১৮ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল প্ৰেমিক যুগল।

সেই বিবাহে মঙলবাৰে ২৩ বছৰ সম্পূৰ্ণ কৰিলে। যুগ্ম জীৱনৰ এই সময়ছোৱাত দুয়োৰে মাজলৈ আহিল বহু ঘাত-প্ৰতিঘাত, ঘটিল সুখ-দুখৰ সমাহাৰ। তাৰ মাজতে ২ সন্তানৰ পিতৃ-মাতৃ হোৱাৰ ঐশ্বৰিক সুখো লাভ কৰিলে দুয়োজনে। ২৩ বছৰ আগৰ সেই প্ৰেমিক যুগল এতিয়া এহাল সুখী আৰু দম্পত্তি।

আমি কৈ আছো কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধী জীয়াৰী আৰু ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ কথা। ১৯৯৭ চনত উত্তৰ প্ৰদেশৰ মুৰাদাবাদ নিৱাসী ৰবাৰ্ট বাদ্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ আছিল প্ৰিয়ংকাই। বিবাহৰ পূৰ্বে দুয়ো আছিল একেখন বিদ্যালয়ৰে শিক্ষাৰ্থী, বন্ধু আৰু ভালপোৱা।

গান্ধী পৰিয়ালৰ কন্যা প্ৰিয়ংকা গান্ধীয়ে সৰুৰে পৰাই লাভ কৰিছিল এছপিজি নিৰাপত্তা। এক কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত প্ৰিয়ংকাই অহা কৰিছিল বিদ্যালয়লৈ। সেই সময়ত প্ৰিয়ংকাই অধ্যয়ন কৰা বিদ্যালয়খনতে অধ্যয়ন কৰিছিল ৰবাৰ্ট বাদ্ৰাই। যাৰ বাবে দুয়োৰে মাজত এক চাক্ষুস পৰিচয় সম্ভৱ হৈছিল। আনহাতে ৰবাৰ্টৰ ভগ্নী মিচেল বাদ্ৰাৰ সৈতে প্ৰিয়ংকাৰ থকা ভাল সম্পৰ্কৰ বাবে প্ৰিয়ংকাৰ নিৰাপত্তা ভেদি ওচৰ চাপিবলৈ সক্ষম হয় ৰবাৰ্ট। সেইদৰে প্ৰথমে দুয়ো ভাল বন্ধু আৰু লাহে লাহে প্ৰেমিক প্ৰেমিকা হৈ পৰে।

পৰৱৰ্তী সময়ত দুয়োৰে মাজৰ এই সম্পৰ্ক গান্ধী পৰিয়ালে জানিব পাৰি দুয়োকে একলগ কৰাৰ সিদ্ধান্ত লয়। সেই অনুযায়ী ১৯৯৭ চনৰ ১৮ ফেব্ৰুৱাৰীত দিল্লীৰ ১০ জনপথত থকা গান্ধী গৃহত সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে সম্পন্ন হয় প্ৰিয়ংকা-ৰবাৰ্টৰ বিয়া।

প্ৰিয়ংকাৰ ২৩ বছৰীয়া যুগ্মজীৱনৰ ক্ষন উদযাপন কৰি মঙলবাৰে টুইটাৰত এক আবেগিক পোষ্ট কৰে প্ৰিয়ংকা গান্ধীয়ে। পোষ্টত তেওঁৰ মাতৃ ছোনীয়া গান্ধী, ভাতৃ ৰাহুল গান্ধী, স্বামী আৰু দুই সন্তানৰ ফটো পোষ্ট কৰি লিখিছে, 'বহু সুন্দৰ মুহূৰ্ত আমি পাৰ কৰিছো, য'ত মৰম-ভালপোৱা, হাঁহি-কান্দোন, উল্লাস, বন্ধুত্ব আৰু ভগৱানৰ দুটা উপহাৰো আছে… ৬+২৩ বছৰ… আজি ২৯ বছৰ হৈ গ'ল এই সম্পৰ্কৰ আৰু এয়া চিৰদিন এনেকৈয়ে থাকিব…।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in