প্রধানমন্ত্ৰী মোডী-বিজেপি চৰকাৰক সমালোচনা প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ…

প্রধানমন্ত্ৰী মোডী-বিজেপি চৰকাৰক সমালোচনা প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ…

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই কৃষি আইনক লৈ প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। বিজনৌৰত সোমবাৰে কৃষকসকলক সম্বোধন কৰি প্ৰিয়ংকা গান্ধীয়ে কয়- 'এতিয়ালৈকে আপোনালোকক বহু ভাষণ দিয়া হ'ল। কিন্তু মই ইয়ালৈ ভাষণ দিবলৈ অহা নাই। আলোচনা কৰিবলৈ আহিছো। আপোনালোকেই আমাক বনায়। আমাৰ আৰু আপোনালোকৰ মাজত এক বিশ্বাসৰ সম্বন্ধ আছে।'

লগতে তেওঁ কয় যে- মোডীজীক কিয় দুবাৰ জয়ী কৰিলে? তেওঁলোকে নিবনুৱা সমস্যা দূৰ কৰাৰ কথা ক'লে, ব্যৱসায় বৃদ্ধি কৰাৰ কথা ক'লে, কিন্তু একো নহ'ল। যি আইন দেশৰ কৃষকেই মানিবলৈ ৰাজি হোৱা নাই সেই আইনখন তেওঁলোকৰ চৰকাৰে বাতিল কৰি কিয় নিদিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in