অৱশেষত বিজেপিয়ে মানিলে যে এজন অপৰাধীক ক্ষমতা প্ৰদান কৰিছিলঃ প্ৰিয়ংকা গান্ধী

অৱশেষত বিজেপিয়ে মানিলে যে এজন অপৰাধীক ক্ষমতা প্ৰদান কৰিছিলঃ প্ৰিয়ংকা গান্ধী

ডিজিটেল ডেস্কঃ উন্নাও বলাৎকাৰকাণ্ডৰ পীড়িত কিশোৰীগৰাকীৰ বাহনৰ দুৰ্ঘটনাৰ সৈতে বিজেপি বিধায়ক কুলদীপ ছেংগৰৰ নাম সাঙোৰ খাইছে। বিধায়কজনৰ নাম এই দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগৰ পাছত বিজেপিয়ে কুলদীপ ছেংগৰক দলৰ পৰা বহিষ্কাৰ কৰে।

কংগ্ৰেছসহ বিৰোধী ৰাজনৈতিক দলসমূহে কুলদীপ ছেংগৰক দলৰ পৰা বহিষ্কাৰ কৰাৰ সন্দৰ্ভত বিজেপিক সমালোচনা কৰাৰ পাছত অৱশেষত বিজেপিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে, এই সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে তীব্ৰ কটাক্ষ কৰে বিজেপিক।

তেওঁ টুইট কৰি লিখে যে, অৱশেষত শাসকীয়দলটোৱে মানি ল'লে যে তেওঁলোকে এজন অপৰাধীক ক্ষমতা প্ৰদান কৰিছিল।প্ৰিয়ংকা গান্ধীয়েলগতে টুইটাৰত লিখে যে- 'সৰ্বোচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছো। সৰ্বোচ্চ ন্যায়ালয়েউত্তৰপ্ৰদেশত জংঘলৰাজৰ বিৰুদ্ধ ব্যৱস্থা ল'লে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in