নিৰ্বাচন নেখেলে প্ৰিয়ংকা গান্ধীয়ে!

নিৰ্বাচন নেখেলে প্ৰিয়ংকা গান্ধীয়ে!

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰি ৰাজনীতিত সক্ৰিয় হৈ পৰা প্ৰিয়ংকা গান্ধীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই সদৰি কৰিছে এই কথা। প্ৰিয়ংকা গান্ধী বাদ্ৰাই দলীয় নেতৃত্বক এই কথা জনায় দিছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সলনি কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱাত এই সময়চোৱা অধিক মনোনিবেশ কৰিব প্ৰিয়ংকাই।

উল্লেখযোগ্য যে, প্ৰিয়ংকা গান্ধীয়ে ৰাজনীতিত প্ৰৱেশ কৰিছিল এই বছৰৰ জানুৱাৰীত। উত্তৰপ্ৰদেশৰ দায়িত্বত থকা মহাসচিবৰ পদতো আছে এতিয়া প্ৰিয়ংকা। পূব উত্তৰপ্ৰদেশৰ প্ৰভাৰীৰ দায়িত্বত থকা প্ৰিয়ংকাই দলটোৱে যাতে ভাল ফলাফল লাভ কৰা তাৰ বাবে এতিয়া ভীষণ ব্যস্ত। মঙলবাৰে গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত প্ৰথমখন জনসভাত ভাষণো দিছিল প্ৰিয়ংকা গান্ধীয়ে। সেয়াই আছিল ৰাজনীতিত যোগদান কৰাৰ পাছত প্ৰিয়ংকাৰ প্ৰথমখন জনসভা।

৭ মিনিটৰ ভাষণত প্ৰিয়ংকাই মোডী চৰকাৰক সমালোচনাৰে থকা সৰকা কৰিছিল। প্ৰিয়ংকা গান্ধীয়ে কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তাক লৈ চৰ্চা চলি থকা সময়তে আহিল এই খবৰ। লোকসভা নিৰ্বাচনত প্ৰিয়ংকা নকৰে প্ৰতিদ্বন্দ্বিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in