আটক প্ৰিয়ংকা! লগ কৰিব নোৱাৰিলে সোনভদ্ৰাৰ গুলীবৰ্ষণত নিহত সকলৰ পৰিয়ালক

আটক প্ৰিয়ংকা! লগ কৰিব নোৱাৰিলে সোনভদ্ৰাৰ গুলীবৰ্ষণত নিহত সকলৰ পৰিয়ালক

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ সোনভদ্ৰাত ভূমি সংক্ৰান্তীয় কাৰণত ১০ জনক গুলীয়াই হত্যা কৰাৰ পিছত শুকুৰবাৰে নিহত সকলৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ গৈছিল কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে। পিছে নিহত লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পূৰ্বেই নাৰায়ণপুৰ আৰক্ষীয়ে আটক কৰে কংগ্ৰেছ নেত্ৰীগৰাকীক।

জানিব পৰা মতে, সোনভদ্ৰাত গুলীবৰ্ষণৰ এই ঘটনা সংঘটিত হোৱাৰ পিছতে জাৰি কৰা হৈছে ১৪৪ ধাৰা। যাৰ পৰিপ্ৰেক্ষিতত প্ৰিয়ংকা গান্ধীক মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰাত বাধা প্ৰদান কৰে আৰক্ষীয়ে। ইফালে আৰক্ষীৰ বাধাৰ পিছতে ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰিয়ংকাই।

'মোক পীড়িত সকলক সাক্ষাৎ কৰিবলৈ যাব দিয়া হোৱা নাই। আনকি মই কৈছো যে লগত মাত্ৰ ৪ জন লোকহে মই লৈ যাম। তাৰ পিছতো মোক কিয় ৰখাই থোৱা হৈছে? আমি ইয়াত শান্তিপূৰ্ণভাৱে বহি অপেক্ষা কৰিম।' -আৰক্ষীৰ বাধাৰ পিছতে প্ৰতিবাদত নমা প্ৰিয়ংকা গান্ধীয়ে এনেদৰে মন্তব্য কৰে সংবাদ মাধ্যমত।

আনহাতে ইয়াৰ পিছতে নাৰায়ণপুৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আটক কৰে কংগ্ৰেছ নেত্ৰীগৰাকীক। আৰক্ষীয়ে আটক কৰাৰ পিছত প্ৰিয়ংকা গান্ধীয়ে কয়, 'আমি শান্তিপূৰ্ণভাৱে সোনভদ্ৰাত সংঘটিত ঘটনাত নিহত সকলৰ পৰিয়ালক সাক্ষাতৰ বাবে গৈছিলো। কিন্তু আমাক বাধা প্ৰদান কৰি আটক কৰা হৈছে। এতিয়া আৰক্ষীয়ে মোক ক'লৈ নিব বিচাৰে নাজানো। কিন্তু য'লৈকে নিয়ে, মই যাবলৈ সাজু।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in