জনসাধাৰণক ভেকচিনৰ বাবে মাত মাতিবলৈ আহ্বান প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীৰ…

জনসাধাৰণক ভেকচিনৰ বাবে মাত মাতিবলৈ আহ্বান প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীৰ…

ডিজিটেল ডেস্কঃ সোমবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাড্ৰাই টুইটাৰ যোগে এক ভিডিঅ' প্ৰচাৰ কৰি জনসাধাৰণক ভেকচিনৰ বাবে মাত মাতিবলৈ আহ্বান জনায়। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে, ভেকচিন সকলোৰে বাবে প্ৰয়োজন। চৰকাৰে অনুষ্ঠান আয়োজন কৰাতকৈ জনসাধাৰণৰ প্ৰতি গুৰুত্ব দিয়া উচিত।

নেত্ৰী গৰাকীয়ে কয় যে, প্ৰধান মন্ত্ৰীৰ বিত্তীয় পুঁজি ক'ত খৰছ হৈছে সকলোৰে জনাৰ অধিকাৰ আছে। কিয়নো ভেকচিন ৰপ্তানি কৰাৰ পৰিৱৰ্তে চৰকাৰে দেশৰ প্ৰতিজন নাগৰিকক ভেকচিন প্ৰদান কৰা গুৰুত্ব দিয়া উচিত।

আনহাতে, কংগ্ৰেছ নেতা ৰাহল গান্ধীয়ে টুইটাৰ যোগে কয় যে, দেশত কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ হ'লে অধিক ভেকচিনৰ প্ৰয়োজন। সেয়েহে সকলোকে ভেকচিনৰ বাবে মাত মাতিবলৈ আহ্বান জনাই তেওঁ কয় যে, সুৰক্ষিত জীৱন ৰখাৰ বাবে সকলোৰে অধিকাৰ আছে। সেয়েহে ভেকচিন ৰপ্তানিকৰণ বন্ধ কৰি দেশৰ প্ৰতি গৰাকী নাগৰিকক ভেকচিন প্ৰদান কৰিবলৈ নেতাগৰাকীয়ে আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in