নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কি ক’লে প্ৰিয়ংকা গান্ধীয়ে

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তিনিচুকীয়াৰ পানীতোলাত আয়োজিত এক গণ সমাৱেশত অংশ লৈ ভাৰত ৰাষ্ট্ৰক মুকলি প্ৰত্যাহ্বান জনাইছিল। সন্মান সহকাৰে ভাৰতে আমাক থাকিবলৈ নিদিলে আমি ভাৰতৰ সৈতে নথকাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম বুলি কৃষক নেতা অখিল গগৈয়ে কৰা এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰিয়ংকা গান্ধীয়ে।

কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মৌন হৈ থকাৰ বিপৰীতে কিছু দিনৰ পূৰ্বে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰা প্ৰিয়ংকাই মোডীক সমালোচনা কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তৰ-পূৱ জ্বলি উঠিছে। কিন্তু সেই সময়ত শুই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

প্ৰিয়ংকাই ফেচবুক পোষ্টত অখিল গগৈৰ সেই আহ্বানক গুৰুত্ব সহকাৰে লোৱাৰ লগতে মিজোৰামত গণৰাজ্য দিৱসৰ দিনা ৰাজ্যপাল গৰাকীয়ে খালী চকীৰ সন্মুখত ভাষণ দিব লগা হোৱা পৰিস্থিতি কিয় সৃষ্টি হৈছে, সেই সন্দৰ্ভতো মোডী চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনাইছে।

এই পোষ্টটোৰ সৈতে প্ৰিয়ংকা গান্ধীয়ে পানীতোলাত ২৭ জানুৱাৰীত আয়োজিত এই প্ৰতিবাদী সভাত বিশাল জনসমুদ্ৰৰ সন্মুখত অখিল গগৈয়ে ভাষণ দি থকা এখন আলোকচিত্ৰও আপলোড কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in