নিকৰ বুুকুত মূৰ গুজি টোপনিত লালকাল প্ৰিয়ংকা, ভাইৰেল PHOTO

নিকৰ বুুকুত মূৰ গুজি টোপনিত লালকাল প্ৰিয়ংকা, ভাইৰেল PHOTO

ডিজিটেল ডেস্কঃ প্ৰথমে প্ৰেম, তাৰপিছতে বিবাহ। প্ৰথমে কোনেও ভৱা নাছিল যে এই সম্পৰ্ক দীৰ্ঘ দিনলৈ টিকি থাকিব। কিন্তু তেওলোকৰ প্ৰেমৰ ওচৰত হাৰ মানিলে অজস্ৰজনৰ এনে চিন্তা-ভাৱনাই। যোৱা বছৰৰ শেষৰফালে তেওলোকৰ ধুমধামেৰে বিবাহ সম্পন্ন হ'ল। এটা মিঠা সপোনৰ নিচিনা লগা এই প্ৰেমিক যুগলৰ নাম নিক-প্ৰিয়ংকা।

বিদেশী জোঁৱাইৰ সৈতে বলিউদৰ দেশী গাৰ্লৰ এই বিয়া সম্পন্ন হোৱাৰ পাছতো বিভিন্ন জনৰ না না কথা। ছচিয়েল মিডিয়াত চৰ্চা চলিল 'নিকৰ মাতৃৰ বয়সৰ সমান বয়স প্ৰিয়ংকাৰ'। কিছু কিছুয়ে আনকি এই সম্পৰ্ক বেবেৰিবাং হ'ব বুলিও মন্তব্য কৰিছিল। কিন্তু এই সকলোবোৰ বিৰ্তকৰ পৰা ফালৰি কাটি সুখৰ দাম্পত্য জীৱন যাপন কৰি আছে নিক-প্ৰিয়ংকাই।

দুয়ো ভীষণ ব্যস্ত,কিন্তু তাৰমাজতে ইজনে সিজনক দিয়ে পৰ্যাপ্ত সময়। বিগত কেইটামান দিন ধৰি প্ৰিয়ংকা আছেগৈ আমেৰিকাত। সময় দিছে নিক, নিকৰ পৰিয়ালৰ লগতে প্ৰিয়ংকাৰ মাতৃকো। আনন্দ-স্ফুৰ্তিৰে পাৰ কৰা কিছু ফটো নিক জোনাছে চেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।

বৰফৰ সৈতে পৰিয়ালৰ সকলো সদস্যই খেলি থকা ফটোৰ লগতে নিক-প্ৰিয়ংকাই একেলগে কটোৱা কিছু মধুৰ মূহুৰ্তৰ ফটোও ছেয়াৰ কৰিছে নিকে। চেয়াৰ কৰা নিক-প্ৰিয়ংকাৰ এই ফটো এতিয়া সকলোতে ভাইৰেল। প্ৰিয়ংকাৰ কোনো কোনো অনুৰাগীয়ে মন্তব্য কৰিছে ' উপভোগ নহয় প্ৰিয়ংকা-নিকে সঁচা অৰ্থত উদযাপন কৰিছে জীৱন।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in