শেহতীয়া খবৰ
জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ কৰি আগবাঢ়িব লগা হৈছে আৰক্ষী...  •  উত্তপ্ত লতাশিলঃ খেলপথাৰত প্ৰৱেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী...  •  চানমাৰী থানাৰ সমীপতে ব্যাপক প্ৰতিবাদ...  •  চানমাৰীত প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন...  •  গুৱাহাটীত উত্তপ্ত পৰিৱেশঃ সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে...  •  কেব আমি নামানোঃ নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ তীব্ৰ প্ৰতিবাদ, VIDEO  •  আহ অসমীয়া ওলাই আহঃ চানমাৰীত আৰক্ষীৰ সমুখতে উত্তাল প্ৰতিবাদ...  •  সেনা-আৰক্ষীৰ নিছিদ্ৰ নিৰাপত্তাৰ মাজতো লতাশিলত সমাগম ৰাইজঃ উপস্থিত শিল্পী মানস ৰবীন...  •  ভাৰতৰ সাংবিধানিক ইতিহাসত এয়া এটা ক’লা দিনঃ ছোনিয়া গান্ধী  •  এই বিশ্বাস ঘাতকতাৰ পৰিণাম ভুগিব লাগিব...

স্বামীয়ে জন্মদিনত দিলে প্ৰিয়ংকাক ছাৰপ্ৰাইজ পাৰ্টী! ছ’চিয়েল মিডিয়াত ভাইৰেল হ’ল ফটো…

1,276

ডিজিটেল ডেস্কঃ আমেৰিকাৰ প’প গায়ক নিক জ’নাছে আয়োজন কৰে পত্নী প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিনত এক ছাৰপ্ৰাইজ পাৰ্টী। ১৮ জুলাইত মোহময়ী অভিনেত্ৰীগৰাকীয়ে ৩৭ বছৰত ভৰি দিয়ে। ইফালে, অভিনেত্ৰীগৰাকীৰ জন্মদিনৰ বহু কেইখন ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

ফটো কেইখনত দেখা গৈছে যে, নিক, প্ৰিয়ংকাৰ লগতে অভিনেত্ৰীগৰাকীৰ ভগ্নী তথা বলিউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰায়ো জন্মদিন উদযাপন কৰে। প্ৰিয়ংকাৰ জন্মদিনৰ ফটো ইনষ্টাগ্ৰামত আপলোড কৰে নিক জ’নাছে। ফটো কেইখনৰ লগতে নিকে লিখে- ‘মোৰ পৃথিৱীখনৰ পোহৰ। মই তোমাক বহুত ভাল পাওঁ। জন্মদিনৰ শুভেচ্ছা যাচিলো।’

ইফালে, বুধবাৰে প্ৰিয়ংকা চোপ্ৰাই নিজৰ টুইটাৰ একাউন্টত অসমৰ বানপীড়িত সকলক উদ্দ্যেশিও এক টুইট কৰে। তেওঁ টুইটাৰত লিখে – ‘অসম আৰু ভাৰতৰ অন্য স্থানত বানপানীৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে। মই খুবেই দুখ অনুভৱ কৰিছো এই ক্ষতিগ্ৰস্ত লোকসমূহৰ বিষয়ে পঢ়ি। বানপীড়িতসকলৰ বাবে মই ঈশ্বৰৰ ওচৰত সেৱা জনাইছো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি