আপোনাৰ সন্তান ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে নেকি? জানি লওঁক এই কথাখিনি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে অৱশেষত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মাচুল নিৰ্ধাৰণ কৰিলে। বহু সমালোচনাৰ অন্তত ৰাজ্যত কাঠফুলাৰ দৰে গজি উঠা ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণৰ নিয়ন্ত্ৰণ কৰা প্ৰক্ৰিয়াক আদৰণি জনাইছে অভিভাৱক সমাজে।

ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্ধাৰণ কৰি দিয়া মাচুল অনুসৰি প্ৰতিখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে প্ৰাক প্ৰাথমিকৰ বাবে বছৰী ২৭ হাজাৰ টকা মাচুল নিৰ্ধাৰণ কৰি দিছে। প্রথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে এই হাৰতহে ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুল আদায় কৰিব পাৰিব বিদ্যালয়সমূহে।

ইফালে, ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ পৰা বিদ্যালয়সমূহে আদায় ল'ব পাৰিব ৩২ হাজাৰ টকাকৈ বছৰী মাচুল। একাদশ-দ্বাদশ শ্ৰেণীৰ বিভিন্ন শাখাৰ বাবেও চৰকাৰে মাচুল নিৰ্ধাৰণ কৰি দিলে। সেই অনুসৰি বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ৩৭ হাজাৰ, বাণিজ্য শাখাৰ ৩৩ হাজাৰ আৰু কলা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ পৰা বিদ্যালয়সমূহে ৩২ হাজাৰ টকা মাচুল ল'ব পাৰিব।

অন্যান্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে বান্ধি দিয়া মাচুলৰ পৰিমান হ'ল ৩৬ হাজাৰ টকা। চলিত বৰ্ষৰ পৰাই এই মাচুলৰ পৰিমান ধাৰ্য হ'ব। এই চৰকাৰী নিয়ম কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নামানিলে তেওঁলোকৰ বিদ্যালয়ৰ অনুমতি বাতিল কৰাৰ দৰে কঠোৰ পদক্ষেপ ল'ব চৰকাৰে। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা যাতায়তৰ বাবে পৃথক মাচুল ল'ব পাৰিব ব্যক্তিগত বিদ্যালয়সমূহে। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মাচুল পৰা আন কোনো মাচুল ল'ব নোৱাৰিব ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in