ছিংগাপুৰত বিৰোধী দলৰ নেতা ৰূপে দায়িত্ব লাভ ভাৰতীয় মুলৰ প্ৰীতম সিঙৰ…

ছিংগাপুৰত বিৰোধী দলৰ নেতা ৰূপে দায়িত্ব লাভ ভাৰতীয় মুলৰ প্ৰীতম সিঙৰ…

ডিজিটেল ডেস্কঃ প্ৰীতম সিঙে ৰচিছে এক ইতিহাস। ভাৰতীয় মুলৰ নেতা প্ৰীতম সিঙে প্ৰথম গৰাকী বিৰোধী দলৰ নেতা ৰূপে ছিংগাপুৰত দায়িত্ব গ্ৰহণ কৰিছে। সংসদে সোমবাৰে তেওঁক প্ৰদান কৰে এই দায়িত্ব। প্ৰীতম সিঙৰ ৱ'ৰ্কাৰ্ছ পাৰ্টীয়ে ১০ জুলাইত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত ৯৩খনৰ ভিতৰত ১০খন আসনত জয় লাভ কৰিছিল। ছিংগাপুৰৰ সংসদীয় ইতিহাসত বিৰোধী দলৰ এই সংখ্যা আটাইতকৈ বেছি।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, নেতা সদন ইন্দ্ৰাণী ৰাজাই ৪৩ বছৰীয়া প্ৰীতম সিঙক দেশখনৰ বিৰোধী দলৰ নেতা ৰূপে দায়িত্বভাৰ প্ৰদান কৰে। উল্লেখ্য যে, ইন্দ্ৰাণী ৰাজা শাসনত থকা পিপলছ একচন পাৰ্টী চমুকৈ পিএপিৰ নেতা। পিএপিয়ে সদনত ৮৩জন সদস্যৰ ভোট লাভ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in