অধিবক্তা প্ৰীতম বৰুৱা অল ইণ্ডিয়া ফেডাৰেচন অৱ টেক্স প্ৰেকটিচনাৰ্চ, পূব মণ্ডলৰ উপ সঞ্চালক নিৰ্বাচিত…

ডিজিটেল ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰীতম বৰুৱা অল ইণ্ডিয়া ফেডাৰেচন অব টেক্স প্ৰেকটিচনাৰ্চ, পূব মণ্ডলৰ ২০২০ আৰু ২০২১ বৰ্ষৰ উপ সঞ্চালক হিচাবে নিৰ্বাচিত হৈছে। যোৰহাট কাছগৰালত জন্ম গ্ৰহণ কৰা বৰুৱা দেশৰ ভিতৰতে কনিষ্ঠতম সদস্য যি এই গৌৰৱপূৰ্ণ পদৰ বাবে নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে, ১৯৭৬ চনত প্ৰখ্যাত আইনজ্ঞ নানি পালকিৱালাৰ উপস্হিতিত গঠন হোৱা এই সংস্থাটো দেশৰ ভিতৰতে কৰজীৱি সকলৰ বাবে সৰ্বোচ্চ সংস্থা।

সমগ্ৰ দেশৰ কৰ বিষয়ত জড়িত জ্যেষ্ঠ অধিবক্তা, অধিবক্তা, চাৰ্টাৰ্ড একাউন্টেন্টৰ লগতে কৰজীৱি সকল এই সংস্হাৰ সদস্য৷ সংস্থাটো বৰ্তমান ৫ টা মণ্ডলেৰে গঠিত আৰু ইয়াৰ পূব মণ্ডলত পশ্চিমবংগ, ওড়িশা, বিহাৰ, ঝাৰখণ্ড, অসম আৰু বাকী উত্তৰ পূবৰ ৰাজ্যসমূহ আৰু ছিকিম অন্তৰ্গত৷ বিগত চাৰিটা দশকত সংস্হাটোৱে দেশত এটা শক্তিশালী কৰ সংস্হা গঠন কৰি বাণিজ্য, উদ্যোগ আৰু কৰ সম্পৰ্কীয় বিভিন্ন সমস্যা সমূহ চৰকাৰৰ লগত সহযোগ কৰি সমাধান কৰি আহিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in