গণৰাজ্য দিৱসত ‘মন কী বাত’ৰ জৰিয়তে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে…

গণৰাজ্য দিৱসত ‘মন কী বাত’ৰ জৰিয়তে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে…

ডিজিটেল ডেস্কঃ দেওবাৰে ৭১ সংখ্যক গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'মন কী বাত' অনুষ্ঠানেৰে দেশবাসীক সম্বোধন কৰে। তেওঁ মন কি বাত অনুষ্ঠানটিৰ জৰিয়তে দেশবাসীক কয়- এই অনুষ্ঠানটি দেশবাসীৰ সৈতে মনৰ ভাৱ-ধাৰা বিতৰণ কৰা, শিকা আৰু আগবঢ়াৰ সুবিধাজনক মঞ্চলৈ ৰূপান্তৰিত হৈছে। দেশৰ বিভিন্নজনে ইয়াৰ দ্বাৰা নিজৰ উপদেশ, প্ৰয়াস আৰু অনুভৱ ভাগ-বিতৰণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়- 'হিংসাৰ দ্বাৰা কোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াব নোৱাৰি। শান্তিৰ দ্বাৰাহে সকলো সমস্যাৰ সমাধান উলিয়াব লাগে।' তেওঁ দেশবাসীক একত্ৰিত হৈ সকলো সমস্যাৰ সমাধান বিচাৰিবলৈও আহ্বান জনায়।

'আমি ২১শতিকাত আছো। এই সময় জ্ঞান-বিজ্ঞান আৰু গণতন্ত্ৰৰ যুগ। আপোনালোকে এনে ঠাইৰ কথা শুনিছেনে য'ত হিংসাৰ দ্বাৰা জীৱন অধিক উন্নত হৈছে? আহক আমি সকলোৱে একলগ হৈ এখন নতুন ভাৰত গঢ়াৰ বাবে আগবাঢ়ো।'- মন কী বাতৰ জৰিয়তে দেশবাসীক এই আহ্বানো জনাই প্রধানমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in