সমাগত নিৰ্বাচনঃ উত্তৰ প্ৰদেশত খোৱা পানী প্ৰকল্প আৰু স্বদেশত নিৰ্মিত যুদ্ধ সামগ্ৰী উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে…

সমাগত নিৰ্বাচনঃ উত্তৰ প্ৰদেশত খোৱা পানী প্ৰকল্প আৰু স্বদেশত নিৰ্মিত যুদ্ধ সামগ্ৰী উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে…

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোডীয়ে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মহোবা আৰু ঝান্সি ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত পানীৰ সংকট দূৰ কৰিবলৈ মহোবাত কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পৰ দ্বাৰা মহোবা অঞ্চলত পানীৰ সমস্যা দূৰ হব বুলি কোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া প্ৰকল্প কেইটাৰ ভিতৰত আছে অৰ্জুন সহায়ক প্ৰকল্প, ৰতৌলী ৱেৰ প্ৰকল্প, ভোনি বান্ধ প্ৰকল্প আৰু মাজাগাওঁ স্প্ৰে প্ৰকল্প।

আনহাতে প্ৰতীৰক্ষাৰ ক্ষেত্ৰত স্বাৱলম্বী ভাৰতৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে আনুষ্ঠানিকভাৱে সশস্ত্ৰ বাহিনীৰ সেৱাৰ মুৰব্বীসকলক স্বদেশীভাৱে ডিজাইন কৰা আৰু নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰী হস্তান্তৰ কৰিব। এই সামগ্ৰীসমূহৰ ভিতৰত আছে ভাৰততে ডিজাইন কৰা আৰু নিৰ্মাণ কৰা লাইট কমবেট হেলিকপ্টাৰ (এল চি এইচ)। এই হেেলিকপ্টাকৰ নিৰ্মাণ কৰিছে হিন্দুস্তান এৰোনটিক্স লিমিটেডে (এইচএএল)। প্ৰধানমন্ত্ৰী মোডীয়ে এই হেলিকপ্টাৰ সেনা প্ৰধানক হস্তান্তৰ কৰিব।

ইয়াৰোপৰি ডি আৰ ডি অ'ৰ দ্বাৰা ডিজাইন কৰা আৰু ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে (বি ই এল) নৌ-জাহাজৰ বাবে এটা উন্নত ইলেক্ট্ৰনিক যুদ্ধ চুট নিৰ্মাণ কৰিছে। এই উন্নত ইলেক্ট্ৰনিক যুদ্ধ চুট প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াক নৌ সেনা প্ৰধানক হস্তান্তৰ কৰিব। উল্লেখ্য যে, দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যকেইখনলৈ বিভিন্ন অচিলা লৈ ৰাজনৈতিক নেতাৰ আগমণ ঘটিছে।

উত্তৰ প্ৰদেশত ২০২২ চনৰ প্ৰথমভাগত অনুষ্ঠিত হব ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনত প্ৰতিটো দলেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি। নিৰ্বাচনক লক্ষ্য কৰিয়েই ৰাজ্যখনত এখনৰ পিছত এখন কৈ প্ৰধানমন্ত্ৰী মোডীকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই সভা সম্বোধন কৰিছে। একেদৰে ৰাজ্যখনত কংগ্ৰেছকে ধৰি অন্যান্য দল বোৰেও আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in