স্বচ্ছতাক লৈ মোডীৰ নতুন আঁচনি ঘোষণা

স্বচ্ছতাক লৈ মোডীৰ নতুন আঁচনি ঘোষণা

ডিজিটেল ডেস্কঃ স্বচ্ছ ভাৰত অভিযানৰ পাছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে ঘোষণা কৰে আন এক নতুন অভিলাষী আঁচনি। অহা ১৫ চেপ্টেম্বৰৰ পৰা দেশত কাৰ্যকৰী হব 'স্বচ্ছতাই সেৱা আন্দোলন'।

২ অক্টোবৰত মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে গ্ৰহন কৰা হৈছে এই বিশেষ আঁচনিখন। উল্লেখ্য যে, এই দিনটোতে স্বচ্ছ ভাৰত অভিযান আঁচনিয়ে চাৰিটা বছৰ সৰ্ম্পূণ কৰিব।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে দেশৰ জনগনক স্বচ্ছ ভাৰত অভিযানক আদৰি লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে । লগতে তেও টুইটত উল্লেখ কৰে যে,' জাতিৰ পিতা গান্ধীজীক শ্ৰদ্ধা জনাই 'স্বচ্ছতাই সেৱা আন্দোলন' আৰম্ভ কৰা হৈছে। এখন সুস্থ সবল স্বচ্ছ ভাৰত গঢ়াই এই আন্দোলনৰ লক্ষ্য।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in