কমলা হেৰিছ বিশ্বৰ বহুলোকৰ অনুপ্ৰেৰণাৰ উৎস…

কমলা হেৰিছ বিশ্বৰ বহুলোকৰ অনুপ্ৰেৰণাৰ উৎস…

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে হোৱাইট হাউচত আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ কৰে। ইয়াৰ পিচতে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰাকৃতিক অংশীদাৰ বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা বৈঠকত হেৰিছে পাকিস্তানৰ সন্ত্ৰাসবাদী ভূমিকাৰ কথা উল্লেখ কৰে আৰু সন্ত্ৰাসবাদৰ প্ৰতি ইয়াৰ সমৰ্থন নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত সন্মত হয়।

বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ নেতৃত্বত দ্বিপাক্ষিক সম্পৰ্ক নকৈ উচ্চ শিখৰত উপনীত হ'ব বুলি বিশ্বাস ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে উপ ৰাষ্ট্ৰপতি হেৰিছক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

ভাৰতৰ বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাৰ মতে, প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ব্যক্তিগতভাৱে সাক্ষাৎ কৰে৷ তেওঁ শেহতীয়া বিশ্ব আৰু আঞ্চলিক উন্নয়নৰ বিষয়ে আলোচনা কৰে৷ কোভিড আৰু টিকাকৰণ তেওঁৰ আলোচনাৰ মুখ্য অংশ আছিল৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনায় উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৱাশ্বিংটন ডিচিলৈ স্বাগতম জনোৱাটো তেওঁৰ বাবে গৌৰৱৰ বিষয়। তেওঁ কয়, বুৰঞ্জীয়ে দেখুৱাইছে যে যেতিয়াই আমি দুয়ো ইজনে সিজনৰ কাষত থিয় দিওঁ, দুয়োখন দেশে নিজকে সুৰক্ষিত, অধিক সমৃদ্ধ বুলি বিবেচনা কৰিছে। ভাৰত আন দেশৰ বাবে টিকাকৰণৰ এক গুৰুত্বপূৰ্ণ উৎস হৈ আহিছে। ভাৰতে শীঘ্ৰেই ভেকছিন ৰপ্তানি পুনৰ আৰম্ভ কৰিব, মই ইয়াক স্বাগতম জনাইছো। ভাৰতত দৈনিক ১০ নিযুত লোকক টিকাকৰণ কৰা হৈছে, যি হৈছে এক অতি কাৰ্যকৰী পদক্ষেপ।

কমলা হেৰিছক বিশ্বৰ বহু লোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি কৈ প্ৰধানমন্ত্ৰী মোডীয়ে হেৰিছক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে৷ কমলা হেৰিছৰ সৈতে এক যুটীয়া বিবৃতিত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "মোক আৰু মোৰ প্ৰতিনিধিদলক আদৰণি জনোৱাৰ বাবে মই আপোনালোকৰ ওচৰত আন্তৰিক কৃতজ্ঞ। কেইমাহমান আগতে মই আপোনাৰ সৈতে টেলিফোনযোগে বিতংভাৱে কথা পাতিবলৈ সুযোগ পাইছিলো। সেইসময়ত ভাৰতে কোভিডৰ দ্বিতীয় ঢৌৰ পৰা যথেষ্ট কষ্ট পাইছিল।

ইয়াৰোপৰি এই বিবৃতিত কয়, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ সৰ্ববৃহৎ আৰু পুৰণি গণতন্ত্ৰ হিচাপে স্বাভাৱিক অংশীদাৰ। আমাৰ মূল্যবোধত সমতা আছে। আমাৰ সমন্বয় আৰু সহযোগিতাও নিৰন্তৰ বৃদ্ধি হৈ আছে। প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "আপুনি সেই সময়ত ভাৰতৰ বিষয়ে যিধৰণে চিন্তিত আছিল, আপুনি সহায়ৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে মই আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in