মোডীক দেশৰ জনসাধাৰণে সন্ত্ৰাসবাদীৰ ৰূপত চাবলৈ আৰম্ভ কৰিছেঃ কংগ্ৰেছ নেত্ৰী

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ  'ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ জনসাধাৰণৰ মাজত বিয়পাইছে সন্ত্ৰাস। যাৰ বাবে বৰ্তমান বহুলোকে তেওঁক সন্ত্ৰাসবাদীৰ ৰূপত চাবলৈ আৰম্ভ কৰিছে।' শনিবাৰে এই মন্তব্য কৰে কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰক তথা তেলেংগানা কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ নেত্ৰী বিজয় শান্তিয়ে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ কৰা কংগ্ৰেছ নেত্ৰীগৰাকীৰ এই মন্তব্যই দেশজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

লোকসভাৰ প্ৰাকক্ষণত দেশত বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত দেখা গৈছে বোকা চটিওৱা ৰাজনীতি। কংগ্ৰেছ- বিজেপিকে আদি কৰি কোনো ৰাজনৈতিক দলে এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই। শনিবাৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে হায়দৰাবাদত অনুষ্ঠিত এখন সভাৰ জৰিয়তে তেলেংগানাত দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ শোভাৰম্ভ কৰাৰ পূৰ্বেই এই মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

মঞ্চত ৰাহুল গান্ধী বহি থকা সময়তে বিজয় শান্তিয়ে মন্তব্য কৰে যে, 'এইয়া কংগ্ৰেছ আৰু বিজেপিৰ মাজত যুদ্ধ। ৰাহুল গান্ধীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে নৰেন্দ্ৰ মোডী। য'ত মোডীৰ লক্ষ্য স্বৈৰতন্ত্ৰ আৰু ৰাহুল গান্ধীৰ আত্মাত আছে গণতন্ত্ৰ।'

ইফালে মোডীক কটাক্ষ কৰিবলৈ গৈ তেওঁ কয় যে, 'মোডীয়ে গণতন্ত্ৰক একনায়কত্ববাদী ভাৱধাৰাৰে হত্যা কৰিছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ জনতাৰ মাজত সন্ত্ৰাস বিয়পাইছে। বিমুদ্ৰাকৰণ, জিএছটিৰ পৰা পুলৱামাৰ ঘটনা লৈকে সকলো কথাতে মোডীয়ে ভাৰতৰ লোকসকলৰ মাজত সন্ত্ৰাস বিয়পাইছে। মোডীৰ কামৰ বাবে তেওঁক সন্ত্ৰাসবাদীৰ দৰে লাগে।' ইফালে কংগ্ৰেছ নেত্ৰীগৰাকীৰ এনে মন্তব্যই সততে চৰ্চা লাভ কৰিছে দেশৰ ৰাজনৈতিক মহলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in