ধৰ্মগুৰুৰ নিৰ্যাতনক লৈ চিন্তিত ৰোমান কেথলিক গীৰ্জাঃ ২১-২৪ ফেব্ৰুৱাৰীলৈ আলোচনাৰ আয়োজন

ধৰ্মগুৰুৰ নিৰ্যাতনক লৈ চিন্তিত  ৰোমান কেথলিক গীৰ্জাঃ ২১-২৪ ফেব্ৰুৱাৰীলৈ আলোচনাৰ আয়োজন

ডিজিটেল ডেস্কঃ বিশ্বত দৈনিক বৃদ্ধি পাইছে নিৰ্যাতনৰ ঘটনা। বিগত সময়ত ধৰ্মীয় অনুষ্ঠানসমূহত বহু নাবালক তথা নাবালিকা সন্মুখীন হৈছে নিৰ্যাতনৰ। নিৰ্যাতন ৰোধ কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰোমান কেথলিক গীৰ্জাই। গীৰ্জাটোৰ যৌন নিৰ্যাতনৰ বিশেষজ্ঞ সকলে বিছপ সকলক মঙলবাৰে যৌন নিৰ্যাতনৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায়। লগতে নিৰ্যাতিতৰ ওচৰলৈ গৈ এই বিষয়ত আলোচনা কৰিবলৈও নিৰ্দেশ দিয়ে। অন্যথা বিশ্বজুৰি গীৰ্জাই ইয়াৰ সন্মান হেৰুৱাব লাগিব বুলিও সতৰ্কবাণী দিয়ে বিশেষজ্ঞ সকলে।

ইয়াৰ লগতে পপ ফ্ৰান্সিছে ১১০ ৰাষ্ট্ৰীয় কেথলিক বিছপৰ সন্মিলন আৰু ধৰ্মীয় ব্যক্তিক ফেব্ৰুৱাৰী মাহৰ ২১ৰ পৰা ২৪ তাৰিখলৈকে যৌন নিৰ্যাতনক লৈ সৃষ্টি হোৱা সমস্যা সম্পৰ্কে আলোচনাৰ বাবে নিমন্ত্ৰণ জনাইছে। এই সম্পৰ্কে ইতিমধ্যে এখন প্ৰতিবেদনো প্ৰকাশ পাইছে।

ফেব্ৰুৱাৰীত হ'বলগীয়া এই আলোচনাত যৌন নিৰ্যাতনৰ সম্পৰ্কত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হ'ব। বৰ্তমানলৈকে চিলি, অষ্ট্ৰেলিয়া আৰু জাৰ্মানীতে গীৰ্জাত যৌন নিৰ্যাতনৰ ঘটনা বহু সংঘটিত হৈছে। জাৰ্মানীৰ বিছপসকলৰ এক সন্মিলনত ছেপ্টেম্বৰ মাহত প্ৰকাশ পোৱা তথ্য অনুসৰি বিগত ৭০ বছৰত ১৬৭০ ধৰ্মগুৰু আৰু সহযোগীৰ নিৰ্যাতনৰ সন্মুখীন হৈছে ৩৬৭৭ গৰাকী নাবালক তথা নাবালিকা। ঠিক তেনেদৰে অন্য এক তথ্যত প্ৰকাশ পোৱা অনুসৰি প্ৰায় একে সময়তে পেনচিলভেনীয়াত ৩০১জন ধৰ্মগুৰুৰ নিৰ্যাতনৰ সন্মুখীন হৈছে বহু নাবালিকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in